Local, Vocal, Global

মহানগৰ আৰক্ষীৰ জালত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ

নিউজ ডেস্ক, ২৬ জুলাই : মহানগৰ আৰক্ষীয়ে মঙলবাৰে এটা আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগতে অসম আৰু মণিপুৰৰ পৰা ছয়খন বাহন উদ্ধাৰ কৰে।

অভিযানৰ সময়ত, ৰেকেটটোৰ সৈতে জড়িত মুখ্য অভিযুক্ত, বিকাশ তালুকদাৰক গুৱাহাটীৰ গীতানগৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

সূত্ৰঅনুসৰি, অভিযুক্তজনে লীজত বাহন ক্ৰয় কৰিছিল আৰু অবৈধভাৱে সেইবোৰ আন ৰাজ্যক বিক্ৰী কৰিছিল।

গুৱাহাটীত আৰক্ষীয়ে বশিষ্ঠ অঞ্চলৰ পৰা তিনিখন ‘Tata Di’ পিকআপ ভান আৰু মণিপুৰৰ পৰা দুখন Bolero Pickup Van আৰু এখন টাটা বাহন উদ্ধাৰ কৰিছিল।

আৰক্ষীয়ে কয় যে এই ৰেকেটৰ সৈতে জড়িত আৰু দুজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে আৰু তেওঁলোকক ধৰিবলৈ চেষ্টা অব্যাহত আছে।

আটক কৰা অভিযুক্ত দুজনক গৌৰৱ সিং আৰু হোৰেন কলিতা বুলি চিনাক্ত কৰা হৈছে।