Local, Vocal, Global

এখন প্লাষ্টিকৰ চকীৰ বাবেই বন্ধুৱে হত্যা কৰিলে বন্ধুক

বকলীয়াঘাটত নৃশংস হত্যাকাণ্ড

বন্ধুৱে হত্যা কৰিলে বন্ধুক

এখন প্লাষ্টিকৰ চকীৰ বাবেই বন্ধুৱে হত্যা কৰিলে বন্ধুক

বকলীয়াঘাট ২নং উদালীত এই হত্যাকাণ্ড

ৰঞ্জিত বৰা নামৰ এজন যুৱকক দাৰে ঘঁপিয়াই হত্যা

একে চুবুৰীৰে পুহেশ্বৰ শইকীয়া নামৰ যুৱকজনে হত্যা কৰে ৰঞ্জিত বৰাক

এক নৃশংস হত্যাকাণ্ড। কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট অঞ্চলৰ ২নং উদালীত সংঘটিত হৈছে এই হত্যাকাণ্ড৷ বুধবাৰে নিশা ২নং উদালী গাঁৱৰ ৰঞ্জিত বৰা নামৰ ২৪ বছৰীয়া দৰিদ্ৰ পৰিয়ালৰ এজন যুৱকক একে চুবুৰীৰে পুহেশ্বৰ শইকীয়া নামৰ যুৱকজনে মূৰত দাৰে ঘঁপিয়াই অতি নিৰ্মমভাৱে হত্যা কৰে ৷ নিহত ৰঞ্জিতৰ পৰিয়ালৰ ভাষ্য অনুসৰি বুধবাৰে বিয়লি অভিযুক্ত পুহেশ্বৰ আৰু আন এজন লগৰীয়াই ৰঞ্জিত বৰাৰ ঘৰত কিবা কথাত লাগি প্লাষ্টিক চকী এখন ভাঙি থৈ আহিছিল ৷ তাকে সকীয়াবলৈ ৰঞ্জিত বৰা নিশা পুহেশ্বৰৰ ঘৰলৈ গৈছিল যদিও ৰঞ্জিত আৰু পুনৰ নিজ গৃহলৈ ঘূৰি নাহিল৷ পুহেশ্বৰৰ সপৰিয়ালকে ধৰি ৰঞ্জিত বৰাক উপৰ্যুপৰি দাৰে ঘঁপিয়াই হত্যা কৰে৷ ইপিনে পুহেশ্বৰে ৰঞ্জিতৰ মৃতদেহটো লুকুৱাবৰ বাবে প্ৰায় আধা কি: মি: চোঁচৰাই নি থকা অৱস্থাত কোনো লোকে দেখা পাই হুলস্থূল লগোৱাত হত্যাকাৰী পুহেশ্বৰ পলাই সাৰে৷ ইতিমধ্যে বকলীয়াঘাট আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে৷ হত্যাকাৰী পুহেশ্বৰৰ সন্ধানত আৰক্ষীয়ে মাৰাথান অভিযান অব্যাহত ৰখাৰ লগতে পুহেশ্বৰৰ ভাতৃ বগাই শইকীয়াক আটক কৰিছে৷ উল্লেখ্য মৃত ৰঞ্জিত বৰাৰ এটি আঠমহীয়া পুত্ৰ সন্তান আৰু পত্নীৰ দুৰ্দশা দেখি সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷ দোষীক কঠোৰতম শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনাইছে গাঁওবাসীয়ে৷