Local, Vocal, Global

বোকাজানৰ শুকানজানত জব্দ গাঞ্জা আৰু ড্ৰাগছ্

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে জব্দ গাঞ্জা বা ড্ৰাগছ। ক্ৰমাত্‍ ড্ৰাগছ্-গাঞ্জাৰ ৰম্যভুমিত পৰিণত অসম। কেতিয়াবা যদি মেডিকেলত, কেতিয়াবা গাড়ীৰ ভিতৰত।

শনিবাৰে নিশা বোকাজানৰ শুকানজানত গাঁওৰক্ষী বাহিনীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰথমে গাওঁৰক্ষী বাহিনীৰ লোকে দুজন যুৱকৰ পৰা গাঞ্জা উদ্ধাৰ কৰি বোকাজান আৰক্ষীক খবৰ দিয়ে। অৱশেষত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সেই অঞ্চলৰ কেইবাটাও বাসগৃহত তালাচী চলাই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে লগতে ড্ৰাগছ সেৱনত ব্যৱহৃত চিৰিঞ্জও জব্দ কৰে। বিগত বহু দিন ধৰি উক্ত অঞ্চলত গাঞ্জা, টেবলেট আৰু ব্ৰাউন চুগাৰৰ অবৈধ ব্যৱসায় চলি আছে বুলি স্থানীয় লোকে জানিব দিয়ে।