WATCH | Bohag Bihu: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰ, সত্ৰ, নামঘৰত ভক্তৰ ভিৰ

ৰঙিয়া,১৫এপ্ৰিল : আজি পহিলা ব’হাগ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰ, সত্ৰ, নামঘৰত ভক্তৰ ভিৰ। নতুন বছৰটোৰ বাবে সুখ, শান্তি আৰু সমৃদ্ধি কামনা ভক্তৰ। সমান্তৰালকৈ ৰঙিয়া মিলৰোডস্থিত হুনুমান মন্দিৰত ভক্তৰ লানি নিচিগা ভিৰ(Bohag Bihu)।
ৰাতিপুৱাৰে পৰা ভক্ত সকলে নিজৰ সিদ্ধি পূৰণাৰ্থে চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে হুনুমান মন্দিৰত। লোকবিশ্বাস অনুসৰি যি সকল ভক্তই নিজৰ বাঞ্চা পূৰণাৰ্থে এই মন্দিৰত দৰ্শন হৈ আহিছে আজিলৈ সেইসকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হৈ আহিছে আৰু সেয়ে সপ্তাহৰ প্ৰতি মঙলবাৰে ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ পৰা শ শ ভক্তৰ সমাগম ঘটে এই হুনুমান মন্দিৰলৈ।
লগতে পঢ়ক : WATCH | Rongali Bihu : কৰ্তব্যৰত আৰক্ষীক বিহুৰ ওলগ জনাবলৈ আৰক্ষী থানাত উপস্থিত ছাত্ৰ-ছাত্ৰী