WATCH | Bohag Bihu: চেঙা শালদিয়া পাৰাত চাৰিদিনীয়া কাৰ্যসূচীৰে হেঁপাহৰ ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি
বৰপেটা,১৫এপ্ৰিল : ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ
ই আয়ুস ৰেখা !
গণ জীৱনৰ ই সাহ
জাতিক জগোৱা ৰঙালী বিহুৰ সাদৰ সম্ভাষণ জনাইছে চেঙা শালদিয়া পাৰা ৰঙালী বিহু সমিতিয়ে।
ৰজনজনাই আকৌ আহিল বসন্ত উৎসব ৰঙালী বিহুটি। ঋতুৰাজ বসন্তৰ আগমনত আউল-বাউল হৈ পৰিছে প্রকৃতি, এক অনামী ৰঙৰ সৌন্দর্য, মাধুর্য আৰু প্রাচুর্য। ব’হাগেই আনে ৰঙালীৰ আগলি বতৰা, আনে হিয়াৰ বতৰা(Bohag Bihu)।
চেঙা শালদিয়া পাৰাৰ বিগত বর্ষসমূহৰ দৰে এইবেলিও ১,২,৩ আৰু ৪ ব’হাগ, ১৪৩২ ভাস্কৰাব্দ (১৫, ১৬, ১৭ আৰু ১৮ এপ্রিল, ২০২৫ খ্রীষ্টাব্দ) তাৰিখ কেইবাটিও বাৰেৰৰণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে।
লগতে পঢ়ক : WATCH | Bohag Bihu: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰ, সত্ৰ, নামঘৰত ভক্তৰ ভিৰ