WATCH | Rongali Bihu : কৰ্তব্যৰত আৰক্ষীক বিহুৰ ওলগ জনাবলৈ আৰক্ষী থানাত উপস্থিত ছাত্ৰ-ছাত্ৰী

ডুমডুমা,১৫এপ্ৰিল : কৰ্তব্যৰত আৰক্ষীক বিহুৰ ওলগ জনাবলৈ আৰক্ষী থানাত উপস্থিত হ’ল এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।ফিল’বাৰী আৰক্ষী থানাত শংকৰদেৱ শিশু নিকেতন আৰু ফিল’বাৰী মইনা পাৰিজাতৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিহু হুচৰি প্ৰদৰ্শন।
আৰক্ষীত কৰ্মৰত লোকসকলে ২৪ ঘন্টাই ৰাইজৰ সেৱাত ব্ৰতী হৈ থাকিবলগীয়া হয় । বিহু, পূজা আদিৰ সময়ত চুটিৰ সলনি আৰক্ষীয়ে আৰু অধিক সক্ৰিয়ভাৱে জনসাধাৰণৰ বাবে সেৱা আগবঢ়াব লাগে । যাৰ বাবে তেওঁলোকে আপোন ঘৰখনৰ পৰা বহু দূৰত থাকিয়েই এই সময়খিনি পাৰ কৰে । সেইসকল আৰক্ষী বিষয়া তথা আৰক্ষী জোৱান সকলক বিহুৰ আনন্দ দিবলৈ ফিল’বাৰী আৰক্ষী থানাত শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীৰ ছাত্ৰ-ছাত্ৰী সকলে ফিল’বাৰী মইনা পাৰিজাতৰ সহযোগত বিহু হুচৰি প্ৰদৰ্শন কৰাৰ লগতে পিঠা পনা উপহাৰ দিয়ে(Rongali Bihu)।
ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে আৰক্ষী থানাখনত কৰ্মৰত আৰক্ষী সকলেও কিছু সময় আনন্দ কৰে । শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আচাৰ্য-আচাৰ্যা তথা অভিভাৱক সকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ২০১০ চনৰ পৰাই শংকৰদেৱ শিশু নিকেতন ফিল’বাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।