Local, Vocal, Global

বগামাটিত প্ৰাপ্তবয়স্ক বনৰীয়া হাতীৰ কৰুণ মৃত্যু

সততে চলি থকা হাতী মানুহৰ সংঘাটৰ পিছতে ভাৰত ভূটান সীমান্তৱৰ্তী বগামাটিত এটা প্ৰাপ্তবয়স্ক বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয়।বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত গাওঁলৈ ওলাই অহিছিল এটা হাতীৰ জাক।হাতীৰ জাকটোৰ পৰা ফালৰি কাটি চজিনা পাত চিঙিবলৈ লওঁতে বিদ্যুতৰ তাঁৰত শুঁৰ লাগি মৃত্যু হয় এটা মাইকী হাতী । ইতিমধ্যে বন বিভাগৰ লোক আহি উপস্থিত  হৈছে ঘটনাস্থলীত।হাতীটোৰ এনে কৰুণ মৃত্যুত শোক প্ৰকাশ কৰিছে  স্থানীয় ৰাইজে।