Local, Vocal, Global

ৰাজ্যৰ সকলোতে এতিয়া কৰ’নাৰ সমান্তৰালকৈ বানৰ তাণ্ডৱ

ৰাজ্যৰ সকলোতে এতিয়া কৰ’নাৰ সমান্তৰালকৈ বানৰ তাণ্ডৱ।পুঠিমাৰী নদীৰ কেবাঠাইতো মথাউৰি চিগাৰ ফলত হাজোৰ লগতে কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শ শ গাঁও তথা খেতি পথাৰ  এতিয়া জলমগ্ন । পানী শুকাই যোৱাৰ পিছত সম্পূৰ্ণ নষ্ট হৈ পৰিছে বহু শালি ধানৰ খেতি। উপায়হীন হৈ এতিয়া মুৰে কপালে হাত দিছে মধুকুছিৰ বৰলেছাকোনাৰ খেতিয়ক সকল। নুতুনকৈ খেতি লগাবলৈ নাই পৰ্যাপ্ত পৰিমানৰ কঠিয়া।সংবাদ মাধ্যমৰ জৰিয়তে এই খেতিয়ক সকলে বিচাৰিছে এতিয়া চৰকাৰ তথা কৃষি বিভাগৰ সহায়।