Local, Vocal, Global

Deadbody recovered in Lakhimpur : লখিমপুৰৰ কাকৈ নৈত উদ্ধাৰ এজন লোকৰ মৃতদেহ, হত্যাৰ অভিযোগ পৰিয়ালৰ

নিউজ ডেস্ক, ১২ আগষ্ট : লখিমপুৰৰ কাকৈ নৈত উদ্ধাৰ ৰহস্যজনক মৃতদেহ (Deadbody recovered in Lakhimpur) । লখিমপুৰ নগৰৰ কাকৈ নৈত শনিবাৰে উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ । প্ৰথম লোক জন পানীত পৰি মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছিল । কিন্তু পৰিয়ালৰ লোকে এয়া এক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে ।

জানিব পৰা মতে মৃত লোক জদনৰ নাম দেৱ গগৈ বুলি চিনাক্ত কৰা হৈছে (Deadbody recovered in Lakhimpur) । জানিব পৰা মতে লখিমপুৰ এলেকাৰ পুঠিমাৰী বালিগাঁৱৰ নিবাসী বসন্ত গগৈৰ ৩৮ বছৰীয়া পুত্ৰ ।

জানিব পৰা মতে দেৱ গগৈৰ ঘৰ নৈ খনৰ কাষত আছিল । পিতৃ গৃহৰ পৰা আঁতৰি আহি তেওঁ নৈপৰীয়া এলেকাত ঘৰ সাজি বসবাস কৰি আছিল । পুত্র কন্যা বাহিৰত থকা বাবে তেওঁ অকলেই ঘৰটোত বাস কৰিছিল । কিছু দিনৰ আগতে তেওঁ অসুস্থ হৈছিল যদিও চিকিত্‍সা কৰি সুস্থ হয় ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰে হঠাতে দেৱ গগৈৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় । আজি পুৱা নৈ খনৰ পানীত দেৱ গগৈৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে । লগে লগে স্থানীয় লোকে পৰিয়ালক খবৰ দিয়ে । ইয়াৰ পিছতেই তেওঁলোকে স্থানীয় আৰক্ষীকো এই ঘটনাৰ বিষয়ে অৱগত কৰে ।

পিছত ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিত্‍সা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

আনহাতে এই ঘটনাটোক এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে । পৰিয়ালৰ লোকে মৃতদেহত কিছু আঘাতৰ চিন থকাৰ লগতে চকু ফুলি উঠা বাবে দেৱক কোনোবাই হত্যা কৰি নৈত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Madhya Pradesh Road Accident : তীব্ৰবেগী ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ,আহত ৪০ জনৰো অধিক