Local, Vocal, Global

গছত ওলমি থকা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেক্স,১৪জুলাই : ৰাজ্য়ত দ্ৰুতগতিত বৃদ্ধি পাইছে আত্মহননৰ ঘটনা। এইবাৰ ২০বছৰীয়া যুৱকৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছে দেৰগাঁৱৰ বালিদোৱা অঞ্চল। আজি বালিদোৱাৰ এখন পথাৰৰ পৰা উদ্ধাৰ কৰা হৈছে বেদান্ত বৰা নামৰ যুৱকজনৰ মৃতদেহ।

পথাৰৰ এজোপা গছৰ ডালত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে বেদান্ত বৰাৰ মৃতদেহ।

যোৱা নিশা গাঁওখনৰে কেইজন মান যুৱকে মাৰ ধৰ কৰিছিল বেদান্তক। গাঁওখনৰে পথৰ মাজত অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে বেদান্তক। আৰু তাৰপিছতেই আজি ঝুলন্ত অৱস্থাত উদ্ধাৰ কৰা হয় বেদান্তৰ মৃতদেহ।

বেদান্তৰ পিতৃয়ে পুত্ৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। এই ঘটনাৰ পিছত নিশা ঘৰলৈ উভটি যোৱা নাছিল বেদান্ত। আৰু আজি ৰহস্যজনক ভাৱে উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।

পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, নিশা আক্ৰমণ কৰা যুৱক কেইজনে বেদান্তক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে।পৰিয়াল তথা গাঁওবাসীৰ অভিযোগ এইটো এটা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড।

এয়া আত্মহত্য়া নে পৰিকল্পিত হত্যাকাণ্ড এতিয়াও ৰহস্য়ৰ আবৰ্তত। ইতিমধ্যে ঘটনাস্থলীত দেৰগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।