Local, Vocal, Global

পুনৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন ৩ কিশোৰ

নিউজ ডেক্স,১৪ জুলাই : ৰাজ্যত প্ৰতিদিনেই সংঘটিত হৈ আছে নৈৰ বুকুত সন্ধানহীনৰ ঘটনা। এইবাৰ দক্ষিণ কামৰূপৰ ছয়গাঁওত অঘটন।

কলহী নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছে ৩ জনকৈ কিশোৰ । কলহী নৈৰ সোঁতে উটুৱাই নিয়ে কিশোৰ তিনিটিক।

সন্ধানহীন জগদীশ বড়ো , ৰাকেশ বড়ো , বিশ্বজীৎ মণ্ডল নামৰ তিনিজন কিশোৰৰ ঘৰ বকোৰ টুৰুকপাৰ অঞ্চলত বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে দিন হাজিৰা কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল তিনিওজন যুৱক । ছয়গাঁওৰ ভেৰভেৰীলৈ কাম কৰিবলৈ আহিছিল যুৱক তিনিজন।

ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হয় কিন্তু এই পৰ্যন্ত উদ্ধাৰকাৰী দল উপস্থিত হোৱা নাই ঘটনাস্থলীত।