Local, Vocal, Global

সদৌ অসম লেখিকা সমাৰোহ সমিতি ৰ আজাৰা শাখাৰ সদস্যা সকলৰ দ্বাৰা হাজোৰ সাতদলা দুখুটি মূখি গাঁওৰ বানপীড়িত সকলক সাহায্য প্ৰদান

নিউজ ডেস্ক, ১৪ জুলাই : প্ৰলয়ংকৰী বানে ৰাজ্যত চলোৱা ধ্বংসলীলাৰ পাছত বহু লোক গৃহহাৰা হোৱাৰ লগতে বানপীড়িত অঞ্চলসমূহত খাদ্যৰ সংকতে দেখা দিছে।

বানপীড়িত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু হৃদয়বান ব্যক্তি।

আজি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজাৰা শাখাই হাজোৰ সাতদলা দুখুটি গাঁৱত বানপীড়িত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে। গাওঁ খনৰ দুকুৰিটা দুৰ্গত পৰিয়ালৰ মাজত চাউল,দাইল,আলু, বিস্কুট, নিমখ আৰু দুবিধ চাবোন বিতৰণ কৰে।

সাতদলা ভূমা হাইস্কুলৰ শিক্ষক মাননীয় শ্ৰীযুত অমৃত দাস আৰু স্থানীয় যুৱক দ্বিজেন দাস, মনোজ কুমাৰ দাস,পৰেশ দাস আৰু আন -আন সকলৰ লগতে জ্যেষ্ঠ ব্যক্তি আৰু কেইবাটিও আগৰণুৱা শিশুৱেও আহি এই কাৰ্যত সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে মানুহৰ এনে দুৰ্যোগৰ সময়ত আজাৰা লেখিকা সমাৰোহ শাখা সমিতিয়ে যৎকিঞিত সাহায্য আগবঢ়োৱাত গাঁওবাসী নথৈ আনন্দিত হয় আৰু আজাৰা লেখিকা সমাৰোহ শাখা সমিতি লৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

শাখাৰ সভানেত্ৰী শ্ৰীযুতা ত্ৰিবেণী দাস, সম্পাদিকা কুঞ্জ লতা মেধি, কাৰ্য নিৰ্বাহক সমিতিৰ সদস্যা সোমা দাস, কোষাধ্যক্ষা নিজৰা বৰুৱা কলিতা আৰু সদস্যা বন্তি শইকীয়াই এই সাহয্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।