Local, Vocal, Global

Biswanath Body recovered : বিশ্বনাথত চাঞ্চল্যকৰ ঘটনা

বিশ্বনাথ, ৬জুলাই : বিশ্বনাথত চাঞ্চল্যকৰ ঘটনা । বিশ্বনাথৰ ননকে জাপৰিগুৰিত উদ্ধাৰ মহিলাৰ মৃতদেহ (Women Body recovered)। উদ্ধাৰ হোৱা মৃতদেহটো অচিনাক্ত মহিলাৰ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে সোধা-পোছা কৰে ।

প্ৰাপ্ত তথ্য় অনুসৰি , দেওবাৰে পুৱা এজন মাছমৰীয়াই নলাত জাল উঠাব গৈ প্ৰত্যক্ষ কৰে মৃতদেহটো। বুৰিগাং নলাত অন্য স্থানৰ পৰা ওপঙি আহি আছিল মৃতদেহটো। মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হয় আৰু লগে লগতে স্থানীয় লোকে খবৰ দিয়ে বিশ্বনাথ আৰক্ষীক (Body of woman found floating in Assam Biswanath) । আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰ কৰে মৃতদেহ আৰু তদন্ত আৰম্ভ কৰে( Biswanath Body recovered) ।

বিশ্বনাথৰ বুৰিগাং নলাত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিশ্বনাথত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে( Biswanath Body recovered) । কিন্তু বৰ্তমানেও এয়া হত্যা নে আন কিবা সেয়া ৰহস্যৰ আৱৰ্তত। মহিলাগৰাকীৰ মৃতদেহ এই পৰ্যন্ত চিনাক্তকৰণ কৰিব পৰা নাই ।

ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আছে অপৰাধ। চোৰ ,ডকাইটি ,ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আছে ।

লগতে পঢ়ক : Road accident in Barpeta : বৰপেটাত শোকাৱহ দুৰ্ঘটনা, নিহত দুজন