Local, Vocal, Global

Pushpa 2 Item Song : সামান্থাৰ সলনি পুষ্পা ২ আইটেম গীতত নৃত্যৰ বাবে সাজু উৰ্বশী, উৰ্বশী ৰাউটেলাৰ চাৰ্জ কৰা ধনৰাশি

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ৯ জুলাই : সম্প্ৰতি বহু প্ৰত্যাশিত ছবি ‘পুষ্পা : দ্য ৰাইজ’ৰ দ্বিতীয় খণ্ড ‘পুষ্পা: দ্য ৰুল’ৰ শ্বুটিং চলি আছে (Pushpa 2 Item Song)। এই চিনেমাখনৰ প্ৰথম খণ্ডৰ সফলতাত আল্লু অৰ্জুন-ৰশ্মিকা মন্দনাৰ যিমান অৱদান, সিমানেই অৱদান আছিল ‘উ অন্তাভা’ গীতটোৰো।

নৃত্যৰতা উৰ্বশী

কেৱল গীতৰ কথা অথবা সুৰেই নহয়, দক্ষিণৰ নায়িকা সামন্ত ৰুথ প্ৰভুৰ নৃত্যৰ আবেদনে দেশ-বিদেশৰ অনুৰাগীৰ মাজত বৃহৎ উন্মাদনাৰ সৃষ্টি কৰিছিল । এইবাৰ দ্বিতীয় খণ্ড ‘পুষ্পা: দ্য ৰুল’ৰ আইটেম গীতত অভিনয় কৰিব বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলাই ।

জানিব পৰা মতে ছবিখনৰ দ্বিতীয় খণ্ডৰ আইটেম নম্বৰত দেখা যাব বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলাক। উল্লেখ্য যে সেই ৩ মিনিটৰ ‘উ অন্তাভা’ গীতটোৰ বাবে সামন্থাই প্ৰায় ৫ কোটি টকাৰ পাৰিশ্ৰমিক লৈছিল।

অৱশ্যে প্ৰথমে এই প্ৰস্তাৱ নাকচ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। অৱশেষত তেওঁ আল্লু অৰ্জুনৰ অনুৰোধত আইটেম নম্বৰ কৰিবলৈ মান্তি হয় ।

আনহাতে, উৰ্বশীক বলীউডত ‘আইটেম গাৰ্ল’ বুলিয়েই জনা যায়। তেওঁৰ কেইবাটাও হিট নম্বৰো আছে। এতিয়া জানিব পৰা গৈছে যে এই চিনেমাখনৰ দ্বিতীয় খণ্ডত তেওঁৰ বিশেষ নৃত্য এটা আছে । তথ্য অনুসৰি উৰ্ৱশীয়ে গীতটোৰ বাবে প্ৰায় ৬ কোটি টকা পাৰিশ্ৰমিক বিচাৰিছে (Urvashi Rautela Charged Amount For Pushpa 2 Item song)

ইপিনে, ‘পুষ্পা ২’ ত ৰণবীৰ সিঙকো দেখা যাব বুলি শুনিবলৈ পোৱা গৈছে । এতিয়ালৈকে আল্লু অৰ্জুন আৰু চিনেমাখনৰ টীমটোৱে দেশৰ একাধিক স্থানত শ্বুটিং কৰিছে । অহা বছৰৰ মে’ মাহৰ ভিতৰত ছবিখন মুক্তি পোৱাৰ কথা ।

লগতে পঢ়ক : Delhi Metro Viral Video: চুম্বন, মাৰপিটৰ পিছত এতিয়া দিল্লী মেট্ৰ’ত যুৱতীৰ ‘প’ল ডান্স’ৰ ভিডিঅ’ ভাইৰেল