মণিপুৰৰ ভূমিস্খলনত নিহত আন এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেক্স, ১১জুলাই : ৩০ জুনত মণিপুৰৰ ভূমিস্খলনৰ ঘটনাই এটাৰ পাছত আন এটা বেয়া খবৰ কঢ়িয়াই আনিছিল। ভূমিস্খলনত মৃত্যুৰ সংখ্যাৰ দিনে দিনে বৃদ্ধি পাই গৈ আছে। মৃতক সকলৰ পৰিয়ালৰ মাজত শোকৰ ছাঁ। কান্দোনত ভাগি পৰিছে ধ্বংস স্তূপত মৃত্যু হোৱা লোকসকলৰ নিকটাত্মীয়।
কমলেশ তালুকদাৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই আজি পুনৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ধ্বংস স্তূপৰ পৰা । ১৩ দিনৰ পিছত উদ্ধাৰ কৰা হয় সোনাল কোঁৱৰৰ মৃতদেহ।
মৰিগাঁও জিলাৰ কুশতলিত ঘৰ মৃত সোনাল কোঁৱৰৰ।
এতিয়াও সন্ধানহীন সকলৰ মৃতদেহ উদ্ধাৰ কাৰ্য্য চলি আছে । আনহাতে, বৰ্তমানেও সন্ধানহীন হৈ আছে আন ৫ জন শ্রমিক।