Local, Vocal, Global

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা নিহত ২ সন্ত্রাসবাদী

নিউজ ডেক্স,১১জুলাই : জম্মু আৰু কাশ্মীৰত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা । সোমবাৰে পুলৱামা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয়।

নিহত সন্ত্ৰাসবাদীসকলৰ ভিতৰত সন্ত্ৰাসবাদী কাইজাৰ কোকাও নিহত হয়। জম্মু-কাশ্মীৰ আৰক্ষীয়ে দ্বিতীয় জন সন্ত্ৰাসবাদীৰ চিনাক্তকৰণ কৰা হৈছে বুলি জানিব দিয়ে যদিও বৰ্তমান সময়লৈকে নিহত সন্ত্ৰাসবাদীজনৰ তথ্য প্ৰকাশ কৰা নাই ।

নিহত সন্ত্ৰাসবাদীজনৰ পৰা এটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত (M-4 কাৰ্বাইন) ৰাইফল, এটা পিষ্টল, গোলাবাৰুদ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়।

এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি নিৰাপত্তাৰক্ষীয়ে অৱন্তীপোৰা অঞ্চলৰ ৱান্দকপোৰাত ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰাৰ পিছতেই আৰক্ষীৰ এনকাউণ্টাৰ আৰম্ভ হয়।

সন্ত্ৰাসবাদী সংগঠনবোৰে যোৱা চাৰি বছৰত জম্মু-কাশ্মীৰত ৭00 জন যুৱকক নিযুক্তি দিছে, যাৰ ভিতৰত ১৪১ জন সন্ত্ৰাসবাদী সক্ৰিয় থকা বুলি জানিব পৰা গৈছে।

গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি, ২০২২ চনৰ ৫ জুলাইলৈকে জম্মু-কাশ্মীৰত মুঠ ৮২ জন বিদেশী সন্ত্ৰাসবাদী আৰু ৫৯ জন স্থানীয় সন্ত্ৰাসবাদী সক্ৰিয় আছিল।

নিযুক্তি প্ৰাপ্ত ৭00 জন যুৱকৰ ভিতৰত, ১৮৭ জনক ২০১৮ চনত, ১২১ জনক ২০১৯ চনত, ১৮১ জনক ২০২০ চনত, ১৪২ জনক ২০২১ চনত নিয়োগ কৰা হৈছিল। এই বছৰৰ জুনমাহৰ শেষলৈকে, সন্ত্ৰাসবাদী সংগঠনবোৰে ৬৯ জন যুৱকক নিযুক্তি দিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, কাইজাৰ কোকা সন্ত্ৰাসৰ বহুতো ঘটনাৰ লগত জড়িত আছিল আৰু আৰক্ষীয়ে দীৰ্ঘদিন ধৰি নিহত সন্ত্ৰাসবাদীদুজনক সন্ধান কৰি আছিল। অৱশেষত সুৰক্ষা বাহিনীৰ গুলীত নিহত হয় সন্ত্ৰাসবাদী দুজন।