Local, Vocal, Global

ভাৰতীয় ৰে’লৱেত চাকৰি পালে ১০ মহীয়া কন্যা শিশুৱে

নিউজ ডেক্স, ১১জুলাই : ভাৰতীয় ইতিহাসত এক আজব ঘটনা। ভাৰতীয় ৰে’লৱেত চাকৰি লাভ কৰিলে এটি ১০ মহীয়া কন্যা শিশুৱে।

তথ্য অনুসৰি ছত্তীশগড়ত এক দুৰ্ঘটনাত পিতৃ–মাতৃক হেৰুৱাইছিল দেব শিশুটিয়ে। পিতৃ আছিল ৰে’লৰ কৰ্মচাৰী। সেয়ে ‘সহানুভূতিশীল নিযুক্তি’ হিচাপে পিতৃৰ মৃত্যুৰ পিছত শিশুটিক চাকৰি দিলে ৰে’ল বিভাগে। ১৮ বছৰ বয়স হ’লে চাকৰিত যোগদান কৰিব পাৰিব শিশুটিয়ে।

৪ জুলাইত দক্ষিণ পূব মধ্য ৰে’লৱেৰ ৰায়পুৰ ৰে’লৱে ডিভিজনৰ পাৰ্ছনেল ডিপাৰ্টমেণ্টত শিশুটিক চাকৰি দিয়া হয়। ইতিমধ্যে Registration প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। লোৱা হৈছে শিশুটিৰ আঙুলিৰ চাপো।

SECR সূত্ৰে জনোৱা হৈছে, শিশুটিৰ পিতৃ ৰাজেন্দ্ৰ কুমাৰ ভিলাই ৰে’লৱেৰ য়াৰ্ডত এছিষ্টেণ্ট পদত কাম কৰিছিল। ১ জুনত পথ দুৰ্ঘটনাত মৃত্যু হয় শিশুটিৰ পিতৃ–মাতৃৰ, জীৱন ৰক্ষা পৰে কণমানিজনীৰ। ভৱিষ্যতৰ কথা ভাৱিয়ে ৰে’ল বিভাগৰ ফালৰ পৰা শিশুটিক চাকৰি দিয়া হয়।