Local, Vocal, Global

Boat accident at Hatsingimari : শোকাৱহ নাও দুৰ্ঘটনা;মৃত্যু এটি শিশুৰ, আহত একাধিক যাত্ৰী

হাটশিঙিমাৰী,১এপ্ৰিল : শোকাৱহ নাও দুৰ্ঘটনা । মৃত্যু এটি শিশুৰ, আহত একাধিক যাত্ৰী ।

হাটশিঙিমাৰীৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা । হাটশিঙিমাৰীৰ কালিৰ আলগাপাৰ ঘাটৰ পৰা নেপুৰ আলগা চৰাঞ্চললৈ যাত্ৰা কৰিছিল ভটভটী নাওখন ।

যাত্ৰা পথত ব্ৰহ্মপুত্ৰৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাৰ সময়তে এটি শিশুৰ মৃত্যু হোৱাৰ লগতে আহত হয় নাওখনৰ আন একাধিক যাত্ৰী ।নাও দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয় শিশু আৰু বৃদ্ধ(Boat accident at Hatsingimari) ।

জানিব পৰা মতে, বিভিন্ন সামগ্ৰী সহ বহু যাত্ৰীয়ে যাত্ৰা কৰিছিল নাওখনত আৰু হঠাতে ব্ৰহ্মপুত্ৰৰ মাজত নাওখন সামগ্ৰী সহ ডুব যায় ।

দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই আৰু সংকট জনক অৱস্থাত ছামেন মণ্ডল নামৰ এটি শিশুক উদ্ধাৰ কৰে যদিও কিছু সময় পিছতে শিশুটিৰ মৃত্যু ঘটে ।

বৰ্তমানেও নিৰুদ্দেশ হৈ আছে ইছমাইল হুছেইন নামৰ ৮ বছৰীয়া শিশু আৰু কুবাদ হুছেইন নামৰ এজন বৃদ্ধ ।

এতিয়াও ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান ।

লগতে পঢ়ক :Essential medicines to be slightly costlier from April 1 : আজিৰে পৰা দেশত বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য