Local, Vocal, Global

Essential medicines to be slightly costlier from April 1 : আজিৰে পৰা দেশত বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য

নিউজ ডেস্ক, ১এপ্ৰিল : আজিৰে পৰা দেশত বৃদ্ধি পালে জীৱন দায়িনী ঔষধৰ মূল্য। একেদিনাই দেশত বৃদ্ধি পালে ৮০০ বিধ জীৱনদায়িনী ঔষধৰ মূল্য(Essential medicines to be slightly costlier from April 1)।

দেওবাৰে ফাৰ্মাচিউটিকেল বিভাগে ৯২৩ টা নিৰ্ধাৰিত ঔষধ প্ৰস্তুতিৰ সংশোধিত চিলিং মূল্য আৰু ৬৫ টা প্ৰস্তুতিৰ সংশোধিত খুচুৰা মূল্যৰ বাৰ্ষিক তালিকা প্ৰকাশ কৰাৰ লগে লগে ১ এপ্ৰিলৰ পৰা বিষনাশক, এন্টিবায়টিক আৰু সংক্ৰমণ প্ৰতিৰোধীকে ধৰি অত্যাৱশ্যকীয় ঔষধৰ মূল্য ক্ষুদ্ৰ বৃদ্ধিৰ সন্মুখীন হ’ল দেশবাসী ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ঔষধ প্ৰস্তুতকাৰী সংস্থাৰ ফালৰ পৰা দাবী কৰি অহা হৈছিল ঔষধৰ দাম বৃদ্ধিৰ বাবে। ২০২২ আৰু ২০২৩ চনত বিভিন্ন ঔষধৰ দাম ১২, ১০ শতাংশ বৃদ্ধি হৈছিল। ঔষধৰ দাম বছৰি এবাৰ বৃদ্ধিৰ অনুমোদন দিয়া হয়।

লগতে পঢ়ক :Teen missing in Rangia : ৰঙিয়াত পুনৰ সন্ধানহীন ১৬ বছৰীয়া কিশোৰ