Local, Vocal, Global

শিক্ষা সংসদৰ নতুন সচিব পুলক পাটগিৰি

ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগে আজি নির্দেশনাযোগে নির্বাচন বিভাগৰ দায়িত্বত থকা অসম অসামৰিক সেৱাৰ বিষয়া উপ–সচিব পুলক পাটগিৰিক মাধ্যমিক শিক্ষা বিভাগলৈ বদলি কৰিছে ৷ লগতে তেওঁক অতিৰিক্তভাৱে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবৰ দায়িত্ব অর্পণ কৰা হৈছে ৷

উল্লেখ্য যে পূর্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব আছিল ড০ ৰমেশ চন্দ্র চুতীয়া৷ ইফালে, আন এটা নির্দেশনাযোগে নগৰ উন্নয়ন আৰু গুৱাহাটী উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ভাস্কৰ ফুকনক চাহ আৰু প্রাক্তন চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ সঞ্চালক হিচাপে বদলি কৰা হৈছে ৷