Local, Vocal, Global

অভয়াখুটিঁৰ আমগছত ওলমি থকা দুই কিশোৰী ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল

অভয়াখুটিঁৰ আমগছত ওলমি থকা দুই কিশোৰী  ধৰ্ষণ আৰু হত্যাৰ বলি হৈছিল।

১৪ আৰু ১৬ বছৰীয়া দুই কিশোৰীৰ মৃতদেহ ১৩ জুনত অভয়াখুঁটিতএকেডাল আম গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছিল। আমগছৰ একেটা ডালতে চিপ লৈ ওলমি থকা অৱস্থাত উদ্বাৰ হোৱা দুই কিশোৰী ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হৈছিল। ইতিমধ্যে আৰক্ষীয়ে অপৰাধীক চিনাক্ত কৰি ৭জনক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইট কৰি উল্লেখ কৰে ‘কোকৰাঝাৰৰ দুই জনজাতীয় নাবালক ছোৱালীৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা সমাধান কৰা হৈছে। বিটিআৰৰ আইজিপিয়ে মোক তদন্তৰ ফলাফলৰ বিষয়ে অৱগত কৰিবলৈ ফোন কৰিছিল। মই দেওবাৰে তেওঁলোকৰ বাসগৃহলৈ গৈছিলো। অপৰাধীসকলক চিনাক্ত কৰাত অত্যন্ত সন্তুষ্টি অনুভৱ কৰিছো।’

 

 

১৪ জুনত মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰলৈ গৈ তেওঁলোকৰ পৰিয়ালৰ ওচৰত উপস্থিত হৈছিল। ইয়াৰ পিছতে ক্ষিপ্ৰ তদন্তত নামি পৰিছিল আৰক্ষী আৰু নিশাই ঘটনা সন্দৰ্ভত ৭ জনক গ্ৰেপ্তাৰ কৰে।