Local, Vocal, Global

ব্লেকলিষ্টেড কোম্পানী জন এনাৰ্জীক পুনৰ OILৰ ঠিকা

নিউজ ডেস্ক, ৩ জুন : বাঘজান কাণ্ডৰ ভয়ানক ছবি হয়তো সকলোৰে মনত সাঁচ বহি আছে। বাঘজান কাণ্ডৰ পাছতে কোম্পানী জন এনাৰ্জীক দুবছৰৰ বাবে ব্লেকলিষ্টেড কৰিছিল।

কিন্তু দুবছৰ নৌহওঁতেই ব্লেকলিষ্টেড কোম্পানী জন এনাৰ্জীক পুনৰ OILৰ ঠিকাক লৈ বৰ্তমান সৰব হৈ পৰিছে বাঘজানৰ স্থানীয় বাসিন্দা।

জন এনাৰ্জীক খননৰ দায়িত্ব দিলে পুনৰ বাঘজান কাণ্ডৰ আশংকা কৰি বাঘজান কাণ্ডৰ ভুক্তভোগী ৫০০ লোকে OIL, জন এনাৰ্জীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন কৰিছে। আৰু আদালতে পেট্র’লিয়াম মন্ত্র্যালয়ক আপত্তি দিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

সম্প্ৰতি ব্লেকলিষ্টেড কোম্পানী জন এনাৰ্জীক পুনৰ ঠিকা দিয়াৰ সন্দৰ্ভত মৌন হৈ আছে OIL ৰ কৰ্তৃপক্ষ।