শিলপুখুৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন
নিউজ ডেস্ক, ৩ জুন : বৰ্তমান সময়ত ৰাজ্যখনত ড্ৰাগছৰ বিৰোদ্ধে আৰক্ষীৰ অভিযান চলি থকাৰ লগতে ড্ৰাগছ আসক্তসকলৰ আসক্তি নাইকীয়া কৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ বাবে বিভিন্ন ঠাইত নিচামুক্তি কেন্দ্ৰ গঢ়ি উঠিছে।
কিন্তু এই নিচামুক্তি কেন্দ্ৰ কিমান সুৰক্ষিত ?
নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে মৃত্যু পিংকু নাথৰ। আজাৰাৰ যোগীপাৰাৰ পিংকু নাথ নামৰ যুৱকজনক ৩০ মে’ত শিলপুখুৰীৰ নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি কৰাইছিল।
মৃত আজাৰাৰ যোগীপাৰাৰ পিংকু নাথৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে। কেন্দ্ৰটোত পিংকুক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ তুলিছে পিংকুৰ পৰিয়ালে।