Local, Vocal, Global

খাকী পোচাকত ক’লা ডাগ

নিউজ ডেস্ক, ১ আগষ্ট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ অবৈধ সৰবৰাহ । এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী ৰূপত পোহৰলৈ আহিছে আৰক্ষী বিষয়া।

দেওবাৰে নিশা অসমৰ Jorhat জিলাত অবৈধ ড্ৰাগছৰ সৈতে আটক হৈছে নাগালেণ্ডৰ এজন আৰক্ষী বিষয়া।

খবৰ অনুসৰি, দেওবাৰে নিশা অভিযুক্ত আৰক্ষীজনক মৰিয়নিত অৱস্থিত নাগিনিজান চাহ বাগানৰ (Naginijan Tea Estate) নিৰাপত্তাৰক্ষীয়ে ধৰা পেলাইছিল। পৰৱৰ্তী সময়ত আইনী প্ৰক্ৰিয়াৰ বাবে তেওঁক স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়ে নিৰাপত্তাৰক্ষীয়ে।

উল্লেখ্য যে, অভিযুক্ত নাগালেণ্ড আৰক্ষী বিষয়াজনক এজন এপিচি ৰিথে ( APC Rithe) বুলি চিনাক্ত কৰা হৈছে।