Local, Vocal, Global

পিক-আপ ভান বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ১০ জনৰ

নিউজ ডেস্ক, ১ আগষ্ট : দেওবাৰে নিশা পশ্চিম বংগৰ কোচবিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । এখন পিক-আপ ভান বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত মৃত্যু হয় ১০ জন কৈ লোকৰ।

বাতৰি অনুসৰি, পিক-আপ ভানখনে যাত্ৰীসকলক Jalpeshলৈ গৈ থকা অৱস্থাত সংঘটিত হয় শোকাৱহ ঘটনাটো। উল্লেখ্য যে, ভানখনত থকা DJ systemৰ জেনেৰেটৰৰ ৱায়াৰিংৰ বাবেই বাবে সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাটোৰ পিছতে, ভানখনত থকা ২৭ জন যাত্ৰীৰ ভিতৰত আঘাতপ্ৰাপ্ত ১৬ জন লোকক চিকিৎসাৰ বাবে Jalpaiguri চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আনহাতে, জলপাইগুৰি চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত চিকিৎসকে ১০ জন লোকক মৃত ঘোষণা কৰে।

খবৰ অনুসৰি, সকলো যাত্ৰী শিতলকুচি পিএছ (Sitalkuchi PS ) অঞ্চলৰ আছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি, সম্প্ৰতি বাহনখন জব্দ কৰা হৈছে কিন্তু বাহনখনৰ চালকজন পলাই গৈছে। আনহাতে, ঘটনাটোৰ অধিক তদন্ত চলি আছে।