Local, Vocal, Global

BJP veteran LK Advani hospitalised again : পুনৰ অসুস্থ ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি

নেশ্যনেল ডেস্ক,৪জুলাই : পুনৰ অসুস্থ ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি। দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ত ভৰ্তি কৰোৱা হৈছে লালকৃষ্ণ আদৱানিক।(BJP veteran LK Advani hospitalised again)। স্বাস্থ্যজনিত সমস্যাৰ বাবে পুনৰ হাস্পতালতভৰ্তি কৰোৱা হয় বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিক।
বুধবাৰে নিশা স্বাস্থ্যজনিত সমস্যাৰ বাবে দিল্লীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে এইমছত ভৰ্তি কৰোৱা হৈছিল ‘ভাৰত ৰত্ন’ এল কে আদৱানিক। তাৰ পাছতে কিছু সুস্থিৰ হোৱাৰ বাবে তেঁওক ঘৰলৈ যাবলৈ দিয়া হৈছিল যদিও নিশা পুনৰ হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়।
অৱশ্যে সম্প্ৰতি ৯৬বছৰীয়া ৰাজনীতিকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

চলিত বৰ্ষৰ ৩০মাৰ্চত ৯৬বছৰীয়া লালকৃষ্ণ আদৱানিক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল। ১৯৮০চনত ভাৰতীয় জনতা পাৰ্টীৰ অন্যতম প্ৰতিষ্ঠাপক লালকৃষ্ণ আদৱানিৰ অসুস্থতাৰ বাতৰি পোৱাৰ লগে লগে অগণন গুণমুগ্ধই হাস্পতালত ভিৰ কৰে(L K Advani, 96, admitted to hospital again)।

১৯৮৯চনত নতুন দিল্লী লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰলৈ প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈছিল লালকৃষ্ণ আদৱানি। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰটো অন্যতম ভূমিকা আছে প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিৰ।

RSSৰ প্ৰচাৰক হিচাপে সেৱা আগবঢ়াইছিল লালকৃষ্ণ আদৱানিয়ে। বিজেপিৰ উত্থানৰ আঁৰৰ অন্যতম ব্যক্তি লালকৃষ্ণ আদৱানি। লালকৃষ্ণ আদৱানিৰ নেতৃত্বতে বিজেপি দলৰ উত্থান হৈছিল ভাৰতত। দেশজুৰি কেইবাটো ৰথ যাত্ৰাৰ নেতৃত্ব দিছিল লালকৃষ্ণ আদৱানিয়ে। বাজপেয়ী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত গৃহমন্ত্ৰীৰ দায়িত্ব লালকৃষ্ণ আদৱানি। ১৯৯৮–১৯৯৯চনৰ কাৰ্যকালত প্ৰথম গৃহমন্ত্ৰীৰ দায়িত্ব আছিল লালকৃষ্ণ আদৱানি। গৃহমন্ত্ৰী হৈ থকা অৱস্থাতে উপ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল লালকৃষ্ণ আদৱানিয়ে(BJP veteran LK Advani hospitalised again, condition stable)।

লগতে পঢ়ক : One killed in wild Elephant attack in Tinsukia : তিনিচুকীয়াত বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ আক্ৰমণত নিহত এজন