Local, Vocal, Global

BJP national president JP Nadda visit assam : অসমত বিজেপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই

নিউজ ডেস্ক, ১৮ এপ্ৰিল : আজি অসমত উপস্থিত হয় বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য অসমত উপস্থিত হয় বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । অসমত উপস্থিত হয় বিজেপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী ৰণশিঙা বজাই বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই(BJP national president JP Nadda visit assam) ৷

অসমলৈ আহি ইতিমধ্যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁট তথা ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাইছে বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

তাৰ পিছত দিনটোৰ দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্রার্থী দিলীপ শ‍ইকীয়াৰ সমৰ্থনত ভেৰগাঁৱত হৈ জনতাক সম্বোধন জে পি নাড্ডাৰ ৷ ইয়াৰ পিছত গোৱালপাৰাৰ দুধনৈত গুৱাহাটী লোকসভা সমষ্টিৰ প্রার্থী বিজুলী কলিতা মেধিৰ হৈ জনসভা সম্বোধন কৰিব বিজেপিৰ শীৰ্ষ নেতাজনে । দিনযোৰা কাৰ্যসূচী সামৰি সন্ধিয়া ৫.২৫ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ বিমানেৰে তেওঁ কেৰালালৈ উৰা মাৰিব ।

লগতে পঢ়ক : Lok Sabha Election 2024 Phase 3 : আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেইবাজনো প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ