BJP MP Harnath Yadav makes huge demand over word I.N.D.I.A : বিজেপিৰ সাংসদ হৰনাথ সিং যাদৱৰ বিস্ফোৰক মন্তব্য
নেশ্যনেল ডেস্ক, ৫ ছেপ্টেম্বৰ : বিৰোধী মিত্ৰজোঁটে নাম ‘I.N.D.I.A’ ৰখাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । এতিয়াও দেশত অব্যাহত আছে বিৰোধী মিত্ৰজোঁটৰ নামক লৈ বিতৰ্ক । বিৰোধী মিত্ৰজোঁটে I.N.D.I.A নাম ব্যৱহাৰ কৰাৰ পিছৰে পৰা শাসনাধিষ্ঠ চৰকাৰেখনে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে(BJP MP Harnath Yadav makes huge demand over word INDIA) ।
এইবাৰ বিৰোধী মিত্ৰজোঁটে নাম ‘I.N.D.I.A’ ৰখাক লৈ শাসকীয় দলৰ সাংসদ হৰনাথ সিং যাদৱৰ বিস্ফোৰক মন্তব্য ।
বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৰনাথ সিং যাদৱে দেশৰ নাম ‘I.N.D.I.A পৰা ভাৰতলৈ সলনি কৰিবলৈ আহ্বান জনাই।
তেওঁ মতে ‘ভাৰত’ শব্দটোৱে দেশৰ সংস্কৃতি প্ৰতিফলিত কৰে । আনহাতে ‘ইণ্ডিয়া’ শব্দটো পূৰ্বৰ ব্ৰিটিছ শাসকসকলে দিয়া আপত্তিজনক বুলি তেওঁ অভিহিত কৰে ।
শেহতীয়াকৈ বিৰোধীয়ে মিত্ৰজোঁটৰ নাম I.N.D.I.A., যিটো প্ৰায় ২৮টা দলৰে গঠিত কাৰণ তেওঁলোকে অহা বছৰৰ লোকসভা নিৰ্বাচনত বিজেপি-এনডিএৰ বিৰুদ্ধে যুঁজ দিয়াৰ পৰিকল্পনা কৰিছে।
বিজেপিৰ সাংসদ হৰনাথ সিং যাদৱে কয়, “সমগ্ৰ দেশে দাবী কৰিছে যে I.N.D.I.A সলনি ‘ভাৰত’ শব্দটো ব্যৱহাৰ কৰিব লাগে ‘I.N.D.I.A শব্দটো পূৰ্বৰ ব্ৰিটিছ শাসকসকলে দিয়া আপত্তিজনক তাৰ বিপৰীতে ‘ভাৰত’ শব্দটো আমাৰ সংস্কৃতিৰ প্ৰতীক।” মই বিচাৰো আমাৰ সংবিধানৰ পৰিৱৰ্তন হওক আৰু তাত ‘ভাৰত’ শব্দটো সংযোজন হওক,” ।
এক্সৰ (পূৰ্বৰ টুইটাৰ)ৰ জৰিয়তে বিজেপি সাংসদগৰাকীয়ে কয় যে, সমগ্ৰ দেশে দাবী কৰিছে যে আমি ‘I.N.D.I.A’ৰ পৰিৱৰ্তে ‘ভাৰত’ শব্দটো ব্যৱহাৰ কৰা উচিত । ‘ইণ্ডিয়া’ শব্দটো ব্ৰিটিছসকলে আমাক দিয়া অপমান আনহাতে ‘ভাৰত’ শব্দটো আমাৰ সংস্কৃতিৰ প্ৰতীক । তেওঁ লগতে দেশৰ সংবিধানত পৰিৱৰ্তন হোৱাটো বিচাৰে আৰু ‘ভাৰত’ শব্দটো যোগ দিয়া উচিত বুলিও দাবী কৰে(Country should be named Bharat Britishers used word India as abuse says BJP MP Harnath Singh Yadav) ।
উল্লেখ্য যে, দেশৰ বিৰোধী দলবোৰে মিত্ৰতা গঠন কৰাৰ পাছৰে পৰা এক বিতৰ্ক চলি আহিছে । বিৰোধী দলসমূহে মিত্ৰজোঁটৰ নাম ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স চমুকৈ ‘I.N.D.I.A’ ৰাখিছিল । তাৰ পাছৰে পৰা ৰাজনৈতিক মহলক সৃষ্টি হৈছিল সমালোচনা । বিৰোধীয়ে I.N.D.I.A’ ৰ ঠাইত নেতাসকলে ‘ভাৰত’ শব্দ ব্যৱহাৰ কৰিবলৈও জোৰ দি আহিছে ।
সাংসদ হৰনাথ সিঙে সংবিধানৰ পৰিৱৰ্তন বিচাৰি ‘ভাৰত’ শব্দটো ব্যৱহাৰ কৰিবলৈ কোৱাত পুনৰ এবাৰ বিষয়টোৱে চৰ্চালৈ আহিছে ।