Local, Vocal, Global

BJP MLA Mrinal Saikia Responds to Criticism From Assam CM : বিধায়ক মৃণাল শইকীয়াৰ গৌৰৱ গগৈক মুকলি ভাৱে শুভেচ্ছা জ্ঞাপন ,তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,৫জুন : ছ’চিয়েল মিডিয়াত এটা পোষ্ট আৰু তাৰ পিছতে তোলপাৰ ৰাজনৈতিক মহল । বহু জল্পলা কল্পনাৰ অন্তত মঙলবাৰে ঘোষণা হৈছিল লোকসভা নিৰ্বাচন ফলাফল । এইবাৰ যোৰহাট লোকসভা সমষ্টিত দখল কৰিছিল কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৱে । তাৰ পিছতে বিধায়ক মৃণাল শইকীয়া সন্ধিয়া আঠ মান বজাত ফেচবুকত এটা পোষ্ট দিয়ে । পোষ্টৰ পিছতে ৰাজনৈতিক মহলত সৃষ্টি হয় বিতৰ্কৰ । সংবোধন কৰে সংবাদমেলৰ ।

মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে সন্ধিয়া আঠ বজাত বিধায়ক মৃণাল শইকীয়াই গৌৰৱ গগৈক মুকলি ভাৱে শুভেচ্ছা জ্ঞাপন কৰিছিল ।শুভেচ্ছা জ্ঞাপন কৰি বিধায়ক মৃণাল শইকীয়াই লিখে “যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন । এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে- ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰা নেতৃত্ব আৰু দৰ্পী ভাষণে নির্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে ৷” ইয়াৰ পাছতে তোলপাৰ লাগে ৰাজ্যৰ ৰাজনীতিত(BJP MLA Mrinal Saikia Responds to Criticism From Assam CM)।

উল্লেখ্য যে, এইবাৰ যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ মুখথেকেচা ৷ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ৷ এই ফলাফলে এক প্ৰকাৰ বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷তাৰ মাজতে এইবাৰ শাসকীয় বিধায়কেই বিৰোধীৰ প্ৰাৰ্থীগৰাকীক প্ৰশংসা কৰা ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বিধায়ক গৰাকীৰ এই পোষ্টৰ এপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয় বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছিদিন নাথাকিব ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মৃণাল শইকীয়াই প্ৰথমে প্রধানমন্ত্রীক অভিনন্দন নজনাই, গৌৰৱ গগৈক অভিনন্দন জনাইছে তেওঁ হয়তো বিজেপিত বেছিদিন নাথাকিব। আমাৰ দললৈ যেনেকৈ কংগ্রেছী আহিছে, বিজেপিৰো দুই এজন কংগ্রেছলৈ যাব।

লগতে পঢ়ক : Two people killed while cleaning well : কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ মৃত্যু দুজনকৈ লোকৰ