Local, Vocal, Global

Assam CM praises Congress Candidate Rakibul Hussain for winning by record 10.12 lakh margin : কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,৫জুন : বহু অৱশেষত অন্তত ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল । লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিচতে অসমত বিজেপিয়ে ১৪ খন আসনৰ ভিতৰত ১১ খন আখন লাভ কৰে ৷

লোকসভা নিৰ্বাচনৰ ফলাফল‌ ঘোষণা কৰাৰ পিচতে মঙলবাৰে নিশা মুখ্যমন্ত্ৰী‌ ড৹ হিমন্ত‌ বিশ্ব‌ শৰ্মাই গুৱাহাটীৰ বাজপেয়ী ভৱনত সাংবাদিকসকলক সম্বোধন কৰে ৷ সংবাদমেলত মুখ্যমন্ত্ৰীৰ মুখত ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ প্ৰশংসা । ধুবুৰীৰ পৰা বৃহৎ বিজয় সাব্যস্ত কৰা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক নায়ক আখ্যা মুখ্যমন্ত্ৰীৰ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয় যে, “আজিৰ দিনটোৰ নায়ক ৰকিবুল হুছেইন। গৌৰৱ গগৈতকৈ ৰকিবুল হুছেইনৰ কথা আলোচনা কৰক।”লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰকিবুল দেশৰ ভিতৰত অভিলেষ সংখ্যাক ভোট লাভ কৰিছে(Assam CM praises Congress Candidate Rakibul Hussain for winning by record 10.12 lakh margin) ।

অসমত এইবাৰ লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইন নায়ক । ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক বহুত লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰিছে । এয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত একপ্ৰকাৰৰ ৰেকৰ্ড । কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহেও ৰকিবুল হুছেইনৰ দৰে বহুত লাখ ভোট লাভ কৰা নাই ।

উল্লেখ্য যে, ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি সৰ্বাধিক ১০,১২,৪৭৬টা ভোটৰ বৃহৎ ব্যৱধানত জয় লাভ কৰে। আনহাতে, ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ মূল প্ৰতিদ্বন্দ্বী AIUDFৰ মঃ বদৰুদ্দিন আজমলে লাভ কৰে ৪,৫৯,৪০৯টা ভোট আৰু অগপৰ জাবেদ ইছলামে ৪,৩৮,৫৯৪টা ভোট লাভ কৰে। ধুবুৰী সমষ্টিত ৰকিবুল হুছেইন বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীৰ তালিকাত ভাৰতৰ ভিতৰতে প্ৰথম স্থানত থকাক লৈ বৰ্তমান চৌদিশে চৰ্চিত হৈছে।

লগতে পঢ়ক : BJP MLA Mrinal Saikia Responds to Criticism From Assam CM : বিধায়ক মৃণাল শইকীয়াৰ গৌৰৱ গগৈক মুকলি ভাৱে শুভেচ্ছা জ্ঞাপন ,তাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ