BJP leader Uday Shankar Hazarika To join Congress today : আজি কংগ্ৰেছত যোগদান কৰিব বিজেপিৰ ৩ বাৰৰ সাংসদ নেতা উদয় শংকৰ হাজৰিকাই
নিউজ ডেস্ক, ২০ডিচেম্বৰ : বিজেপিত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে বিজেপিত দেখা দিছে খহনীয়তাই । এইবাৰ বিজেপিৰ তিনিবাৰৰ সাংসদৰ কংগ্ৰেছৰ যোগদান। ৩ বাৰকৈ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নেতাগৰাকীয়ে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিবলৈ লোৱা বিষয়টোৱে বিজেপিৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে(BJP leader Uday Shankar Hazarika To join Congress today)।
আজি কংগ্ৰেছত যোগদান কৰিব বিজেপি নেতা উদয় শংকৰ হাজৰিকাই । বিজেপিৰ ৩বাৰৰ সাংসদ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা । বুধবাৰে ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী ।
উল্লেখ্য যে, ৩ বাৰকৈ বিজেপিৰ হৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা উজনি অসমৰ এজন শক্তিশালী নেতা উদয় শংকৰ হাজৰিকা। এইগৰাকী নেতাই ১৯৯৮, ১৯৯৯ আৰু ২০০৪ চনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল(BJP leader Uday Shankar Hazarika To join Congress today)।
তিনিবাৰৰ সাংসদ উদয় শংকৰ হাজৰিকাই বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিবলৈ সাজু হৈছে। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।
লগতে পঢ়ক : Arms Seized in Amguri : আমগুৰিত মাৰণাস্ত্ৰসহ যুৱক আটক; ৪জনকৈ যুৱকক অস্ত্ৰ-শস্ত্ৰ আটক কৰে আৰক্ষীয়ে