BJP Launches ‘Phir Ek Baar Modi Sarkar’ Campaign Anthem at National Council Meeting : ভাৰতীয় জনতা পাৰ্টীয়ে মুকলি কৰিলে নিৰ্বাচনী প্ৰচাৰৰ নতুন গীত
নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰৰ শীৰ্ষ গীত মুকলি ।ভাৰত মণ্ডপমত আয়োজিত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত মুকলি কৰে গীতটি । ২৪ টাকৈ ভাৰতীয় আঞ্চলিক ভাষাত গীত মুকলি ভাৰতীয় জনতা পাৰ্টীৰ(BJP Launches ‘Phir Ek Baar Modi Sarkar’ Campaign Anthem at National Council Meeting) ।
এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে মুকলি কৰা গীতিটি হৈছে ‘ফিৰ এক বাৰ মোদী চৰকাৰ’। নৰেন্দ্ৰ মোদী চৰকাৰে দাবী কৰা অনুসৰি গীতটিত আছে বিভিন্ন খণ্ড, বিভিন্ন অঞ্চল, বিভিন্ন দল আৰু সমাজৰ বিভিন্ন শ্ৰেণীত সামগ্ৰিক বিকাশৰ বিষয়বস্তু ।
জানিব পৰা মতে,বিজেপিৰ প্ৰচাৰৰ শ্ল’গান ‘ফিৰ এক বাৰ মোডী চৰকাৰ’ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ দ্বাৰা ঘোষণা কৰা হৈছিল । সমগ্ৰ দেশৰ দলৰ নেতাসকলে এই বিষয়বস্তুৰ অধীনত দেৱাল চিত্ৰাংকন কৰিছিল । বিজেপিয়ে এই প্ৰচাৰৰ শীৰ্ষ গীতটো মুকলি কৰি একপ্ৰকাৰ ডিজিটেল প্ৰচাৰ আৰম্ভ কৰিছে । দলটোৱে গীতটো ‘Ekbaarphirsemodisarkar’ ৱেবছাইটও মুকলি কৰিছে । ইয়াৰ পূৰ্বে দেওবাৰে প্ৰধানমন্ত্ৰী নাৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা দশকত শীৰ্ষস্থানত থকাটোৱে সাহসী আৰু সুদূৰ প্ৰসাৰী সিদ্ধান্তৰ সাক্ষী(Phir Ek Baar Modi Sarkar) ।
দেওবাৰে অত্যাধুনিক ভাৰত মণ্ডপমত বিজেপিৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ বিভিন্ন কাৰ্যকলাপৰ কথা উল্লেখ কৰি কয় যে বিজেপিয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰি দীৰ্ঘদিনীয়া এক সপোন আৰু ইচ্ছা পূৰণ কৰিছে ।
বিশেষকৈ জম্মু আৰু কাশ্মীৰ প্ৰায় ৭ দশকৰ পিচত অনুচ্ছেদ ৩৭০ ৰ পৰা মুক্ত হৈছে । লগতে স্বাধীনতাৰ ৬ দশক পিচত ‘ৰাজপথ’ক ‘কৰ্তব্য পথ’ হিচাপে নামাকৰণ কৰা হৈছে । বিজেপি চৰকাৰে ৪ দশকৰ পিছত ‘এক পদ, এক পেঞ্চন’ৰ দাবীও পূৰণ কৰিছে । বিজেপিয়ে এনে এখন আইন আনিছে যিয়ে তিনি দশকৰ পিচত সংসদৰ লগতে ৰাজ্যিক বিধান সভাসমূহত মহিলাসকলৰ বাবে অধিক সংৰক্ষণৰ নিশ্চয়তা দিছে । নতুন সংসদ ভৱনৰ প্ৰয়োজনীয়তা বহুতে দীৰ্ঘদিন ধৰি অনুভৱ কৰি আহিছিল ।
লগতে পঢ়ক : Fire breaks out in moving truck on highway : ৰাজপথত দাউদাউ কৈ জ্বলিল চলন্ত ট্ৰাক