Local, Vocal, Global

Watch | BJP Dilip saikia: ‘ABMSUক আমি এবাৰ পিটিকি দিলেই শেষ হৈ যাব’-দিলীপ শইকীয়া

মংগলদৈ: বিগত কেইদিন ধৰি ধাৰাসাৰে ৰাজ্যৰ বিভিন্ন সংখ্যালঘু অধ্যুষিত অঞ্চলত চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে এ বি এমছুৰ তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে বিভিন্ন প্ৰান্তত।
সংগঠনটোৱে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰ হায় হায়, বি জে পি মূৰ্দাবাদ, বি জে পি গো বেক, হিমন্ত বিশ্ব শৰ্মা গো বেক্ আদি শ্লগানেৰে আকাশ বতাহ কপাই তুলে। লগতে তীব্ৰ গৰিহণা দিয়ে বিজেপি চৰকাৰখনক ।
তাৰপাছতে ,এবিএমছুৰ এই হুংকাৰক প্ৰত্যুত্তৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ।
‘ABMSUক আমি এবাৰ পিটিকি দিলেই শেষ হৈ যাব’।
‘১৭বাৰ মোগলক পৰাস্ত কৰা বীৰ জাতিয়ে ABMSUৰ কথাত ভয় নকৰে’।
‘এইবোৰ কথাত সাৰ-পানী যোগাইছে অখিল গগৈ, ৰকিবুল হুছেইনে’।
এনেদৰে মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে।

লগতে পঢ়ক: Watch | SC protest : চটাই জিষ্টত ভুৱা নিযুক্তিক লৈ প্ৰতিবাদ অব্যাহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ