বিজেপিয়ে ঘোষণা কৰিলে কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা

নিউজ ডেস্ক, ২২ মে’- নিশা ১ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সভাপতি ভৱেশ কলিতাই CEM তুলিৰাম ৰংহাঙৰ উপস্থিতিত ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। হাওৰাঘাট পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিব নোৱাৰিলে বিজেপিয়ে।
২৬ টা সমষ্টিৰ ২৫ টাৰ বাবেহে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। হাওৰাঘাটৰ প্ৰাৰ্থীৰ নাম পুৱা ঘোষণা কৰাৰ কথা উল্লেখ কৰিলে ভৱেশ কলিতাই।
নিশা ১২ বজালৈকে মুখ্যমন্ত্ৰীৰ বাসগৃহত বৈঠক হোৱাৰ পিছত ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা। CEM তুলিৰাম ৰংহাঙৰ মতে , মুখ্যমন্ত্ৰীৰ বাসগৃহত হোৱা বৈঠকত হাউৰাঘাটৰ বাবে থকা প্ৰভাৰী উপস্থিত নথকাৰ বাবেহে আজি ঘোষণা কৰিব পৰা নগ’ল সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম।
বহু কেইগৰাকী নৱপ্ৰজন্মৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে বিজেপিয়ে। কাৰ্বি স্বায়ত্ব পৰিষদত বিজেপিৰ জয় নিশ্চিত বুলি দাবী তুলিৰাম ৰংহাঙৰ। প্ৰাৰ্থীত্ব লাভ কৰি নিশাই বিজেপিৰ কাৰ্যালয়ত আনন্দত আত্মহাৰা হ’ল প্ৰাৰ্থী আৰু সমৰ্থক সকল।