Local, Vocal, Global

লখিমপুৰৰ নাৰায়ণপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত ২জন

নিউজ ডেস্ক,২৯ মাৰ্চঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰৰ সমীপৰ শেনচোৱাত ভয়ংকৰ পথ দূৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হৈছে এই ভয়ংকৰ পথ দূৰ্ঘটনা।

AS 07 S 0902 নম্বৰৰ মটৰ চাইকেলেৰে আহি থকা দুজন যুৱকে পথৰ দাঁতিত ৰাখি থোৱা AS 02 E5989 নম্বৰৰ এখন ট্ৰেইলৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দূৰ্ঘটনাটো।

দূৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আনজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যু হয়।

যুৱক দুজন নাৰায়ণপুৰ গোঁহাই পুখুৰীৰ অনন্ত দলে আৰু প্ৰফুল্ল পেগু বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।