Local, Vocal, Global

Cauvery water dispute : কৰ্ণাটকত কৃষকৰ তীব্ৰ প্ৰতিবাদ,আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি

নেশ্যনেল ডেস্ক,২২আগষ্ট : অব্যাহত আছে তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কাবেৰী জল বিবাদ(Cauvery water dispute )। বছৰ বছৰ ধৰি অব্যাহত আছে দুয়োখন ৰাজ্যৰ এই বিষয়ক লৈ সংঘাত । ইয়াৰ মাজতে চৰকাৰৰ বিৰুদ্ধে কৃষকসকলে তীব্ৰ প্ৰতিবাদ কৰে কৰ্ণাটকত। চৰকাৰৰ বিৰুদ্ধে কৃষকসকলৰ তীব্ৰ প্ৰতিবাদৰ মাজতে মঙলবাৰে মাণ্ড্যত আৰক্ষীৰ সৈতে প্ৰতিবাদী কৃষকৰ হতাহতি।

উল্লেখ্য যে, কাবেৰী নৈৰ জল বিবাদক লৈ শ শ কৃষকে হাতে হাতে বেনাৰ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক সংগঠনবোৰে বেংগালুৰো-মহীশূৰ এক্সপ্ৰেছ ঘাইপথ অৱৰোধ কৰি তামিলনাডুলৈ কাবেৰী নদীৰ পানী এৰি দিয়াৰ বিৰোধিতা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ মাজতে ৰাজপথৰ পৰা একাংশ কৃষকক আৰক্ষীয়ে আটকো কৰে(BJP and the farmers organizations attack the government for the release of Cauvery water to Tamil Nadu) ।

জানিব পৰা মতে, বৃহৎ সংখ্যক কৃষকে ইন্দুভালু গাঁৱৰ পৰা ৰাজপথেৰে প্ৰতিবাদ সমদল উলিয়াই ৰাষ্ট্ৰীয় ঘাইপথলৈ যাত্ৰা কৰে । কৃষক সংগঠনে গৰুগাড়ী আৰু ট্ৰেক্টৰৰ সৈতে এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায় । এনে সময়ত পৰিস্থিতিত উত্তপ্ত হৈ পৰে আৰু প্ৰশাসনৰ লোকসকল সষ্টম হৈ ঘাইপথ অৱৰোধ কৰা প্ৰতিহত কৰিবলৈ যথেষ্ট সংখ্যক আৰক্ষীক মোতায়েন কৰে(Scuffle Breaks Out Between Police And Karnataka Farmers Opposing Release Of Cauvery Water To TN) ।

আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰে । ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰিৱেশৰ সৃষ্টি হয় । আৰক্ষীয়ে এই প্ৰতিবাদ বন্ধ কৰিবলৈ ৰাজপথত বেৰিকেড আৰু বেষ্টনী গঢ়ি তোলে যদিও দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

ইফালে যোৱা সপ্তাহৰ পৰাই ৰাজ্যিক কৃষক সংগঠন আৰু ৰাজ্যিক কুঁহিয়াৰ উৎপাদক সংস্থাৰ নেতাসকলে কেআৰএছ আৰু কাবিনি জলাশয়ৰ পৰা তামিলনাডুলৈ কাবেৰীৰ পানী এৰি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । এই প্ৰতিবাদৰ জৰিয়তে কৃষকসকলে চৰকাৰক কৰ্ণাটকৰ কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আহ্বান জনায়(Scuffle breaks out between protesting farmers and police in Karnataka) ।

আনহাতে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কৃষকৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ অভিযোগত উত্থাপন কৰি সোমবাৰে বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।বিজেপিৰ নেতাসকলে কংগ্ৰেছৰ নেতাসকলৰ পুত্তলিকাও দাহ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে অভিযোগ কৰে যে , কংগ্ৰেছ চৰকাৰে বিশেষকৈ কৰ্ণাটকৰ মহীশূৰ, মাণ্ড্য আৰু ৰামনগৰ জিলাত কৃষকসকলৰ স্বাৰ্থক উপেক্ষা কৰিছে । প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ ।

লগতে পঢ়ক :Rajen Gohain visit to Delhi : সোমবাৰে দিল্লীত অনুষ্ঠিত হ’ব ৰাজেন গোহাঁই আৰু অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক