Local, Vocal, Global

ৰাজ্যসভাৰ দুয়োখন আসনতে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়লাভ

নিউজ ডেস্ক,১ এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা ঘোষিত ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল অনুসৰি শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে জয় লাভ কৰে। আনহাতে ৩৪টা ভোটত পৰাজিত হয় কংগ্ৰেছ নেতা ৰিপুন বৰা।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগণনাত বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই ৪৬টা আৰু ইউপিপিএলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰী ৪৪ টা ভোটত বিজয়ী হয়।

উল্লেখ্য যে, ৩১ মাৰ্চত অসমৰ খালী হৈ থকা দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত দুয়োখন আসনতে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হয়।