Local, Vocal, Global

পুনৰ বিটিআৰত জন্ম নতুন উগ্ৰপন্থী সংগঠন, আৰক্ষীৰ গুলীত নিহত এজন উগ্ৰপন্থী

নিউজ ডেস্ক, ১ এপ্ৰিল : যোৱা ২৯ মাৰ্চ নিশা সাত বজাৰ পৰা আঠ বজালৈকে চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ মালিভিটা এলেকাত অচিনাক্ত বন্দুকধাৰীয়ে শূন্যলৈ গুলীচালনা কৰি গৃহস্থৰ ঘৰৰ পৰা লুন্ঠন চলাই লুটি নিয়ে প্ৰায় ৫লাখ ৬০ হাজাৰ টকা। তাৰ পিছত শুকুৰবাৰে আৰক্ষীৰ গুলীত নিহত হয় উক্ত ডকাইত দলটোৰ এগৰাকী সদস্য। আৰক্ষীৰ গুলীত নিহত সদস্য জন গোঁসাইগাঁওৰ কাশিয়াবাৰীৰ সঞ্জুলা ওৱাৰী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, সেই একে নিশাই ভাৰত-ভূটান সীমান্তৰ এলেকাৰ মালিভিটা ইন্দ্ৰপুৰ বাসিন্দা কৃষ্ণে লুইটেলৰ ঘৰত বন্দুকধাৰীয়ে শূণ্যলৈ গুলী চলাই ডকাইত দলে ৩লাখ ৬০ হাজাৰ টকা আৰু অবিনাশ মুছাহাৰী নামৰ আন এজন ব্যক্তিৰ ঘৰৰ পৰা সোণৰ অলংকাৰ সহ নগদ ২ লাখ টকা লুটি নিয়ে।

উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে ব্যাপক তদন্ত আৰম্ভ কৰি ডকাইত দলটোৰ সদস্য তথা প্ৰাক্তন এনএলএফবি সঞ্জুলা ওৱাৰী আটক কৰাৰ লগতে ১৪-১৫ গৰাকী সদস্যই আত্মসমৰ্পণ কৰে। আৰক্ষীৰ জেৰাত আত্মসমৰ্পন কৰা ১৪-১৫ গৰাকী সদস্যক লৈ নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম দিয়া বুলি স্বীকাৰোক্তি দিয়ে সঞ্জুলা ওৱাৰীয়ে ।

পুণৰ বিটিআৰত জন্ম নতুন উগ্ৰপন্থী সংগঠন, আৰক্ষীৰ গুলীত নিহত এজন উগ্ৰপন্থী

ডকাইতৰ দলটোৱে লুট কৰা ধন সোণ উদ্ধাৰ কৰিবলৈ সঞ্জুলা ওৱাৰীক লগত লৈ আৰক্ষী উপস্থিত হয় উল্টাপানীত । বন বিভাগৰ পৰিত্যাক্ত ঘৰৰ পিছপিনে লুকুৱাই থোৱা ধন আৰু স্বৰ্ণ অলংকাৰসমুহ সঞ্জুলা ওৱাৰীয়ে দেখুৱাই দিয়ে আৰু ধন-সোণ লৈ অনাৰ চলেৰে ধনৰ লগত থকা পিষ্টল লৈ হঠাতে আৰক্ষীক গুলীচালনা কৰে । প্ৰাক্তন উগ্ৰপন্থীজনৰ এটা গুলীয়ে এগৰাকী বিষয়াৰ বুলেটপ্ৰুফ জেকেটত আঘাত কৰে ।

তাৰ পিছত, আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে সঞ্জুলা ওৱাৰী লৈ আৰু সেই গুলীতে গুৰুতৰভাৱে আহত হয় পৰে। গুলীবিদ্ধ সঞ্জুলা ওৱাৰী কোকৰাঝাৰৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আৰক্ষীয়ে সংঘৰ্ষথলীৰ পৰা ৭.৬৫ এমএম পিষ্টল এটা , ৪ জাঁই সজীৱ গুলী , ৪ জাঁই খালী কাৰ্টিজ, নগদ একলাখ টকা আৰু কিছুমান সোণৰ অলংকাৰ উদ্ধাৰ কৰিছে ।