মহিলা আৰক্ষী বিষয়াক প্ৰলোভন দি ৰঙাঘৰৰ আলহী হ’ল ভুৱা অ’ এন জি চি বিষয়া

নিউজ ডেস্ক, ৫ মে’:- নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাক প্ৰলোভন দি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক। নিজকে অ’এনজিচিৰ চাকৰিয়াল বুলি পৰিচয় দি মহিলা আৰক্ষী বিষয়াৰে প্ৰেমৰ সম্পৰ্ক গঢ়া ৰাণা প’গাগ নামৰ এটা হাই প্ৰফাইল প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে।
জানিব পৰা মতে, মাজুলীৰ এই যুৱকজনে নগাঁও সদৰ আৰক্ষী থানাত কৰ্মৰত মহিলা উপ-পৰিদৰ্শক জোণমণি ৰাভাৰ সৈতে এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।
আৰক্ষীয়ে জোণমণিৰ এজাহাৰৰ ভিত্তিত ৰাণাক গ্ৰেপ্তাৰ কৰি দুদিনৰ বাবে জিম্মাত লৈছে। এই এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ৫২৭/২২ গোচৰৰ অধীনত প্ৰৱঞ্চকটোক গ্ৰেপ্তাৰ কৰে।
ৰাণা প’গাগৰ পৰা আৰক্ষীয়ে অ’এনজিচিৰ ১৩ টাকৈ নকল ছীল-মোহৰ, ৯খনকৈ পাছবুক-চেকবুক, দুটা লেপটপ, দুটা মোবাইল, দুটা ৱাকিট’কি আৰু এটা পেনড্ৰাইভ জব্দ কৰে।
উল্লেখযোগ্য যে, পূৰ্বে বিজেপিৰ এগৰাকী বিধায়কক ধমক দি সামাজিক মাধ্যমত চৰ্চিত হৈছিল জোনমণি ৰাভা নামৰ মহিলা আৰক্ষী বিষয়াগৰাকী।