Local, Vocal, Global

Watch | Biswanath news: বিশ্বনাথ নগৰত চিপিআই(এম) বিশ্বনাথ জিলা কমিটিৰ বিক্ষোভ কার্যসূচী

বিশ্বনাথ : বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰ সন্মুখত চিপিআই(এম) বিশ্বনাথ জিলা কমিটিৰ বিক্ষোভ কার্যসূচী।’ গীৰগাই আৰু গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ উচিত তদন্ত কৰক। জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰি পৰিয়ালৰ আয় আৰু সম্পত্তিৰ সামঞ্জস্যহীনতাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবীত বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে।


এই বিক্ষোভ কার্যসূচী চিপিআই(এম) বিশ্বনাথ জিলা কমিটি সম্পাদক গংগা পৰাজুলীৰ লগতে নেতা কৰ্মী সকলে একত্ৰিত হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান প্ৰদৰ্শন কৰি চৰকাৰ বিৰোধি বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে বিশ্বনাথ নগৰৰ ৰাজপথত।

লগতে পঢ়ক: Watch | Sivasagar news: ডিমৌ-নিতাইপুখুৰী পথত দুৰ্বৃত্তই ডাক কৰ্মচাৰীৰ পৰা ১০ লাখ টকা লুটি নিয়া সন্দৰ্ভত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল