Local, Vocal, Global

পুনৰ এবাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে,লোকসভাত ৩০০ তকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে : অমিত শ্বাহ…

ডিজিটেল ডেস্ক:- পুনৰ এবাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। আজি এই মন্তব্য ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহৰ।আজি ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাৰ খেলপথাৰত ৰাজহুৱা সভা সম্বোধন কৰে অমিত শ্বাহে। মানকটা খেলপথাৰত জনসভা সম্বোধন কৰাৰ পূৰ্বে শ্বাহে বিজেপিৰ উজনিৰ মাণ্ডলিক কাৰ্যালয় ভাৰ্চুৱেলী ভূমি পূজন কৰে।মঙলবাৰে আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিয়ে কিমান খন আসন পাব তাৰো ভৱিষ্যৎবাণী কৰে ।কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে – বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যিমানে বেয়া কথা কয় সিমানে বিজেপি আগবাঢ়িব।‘২০২৪ৰ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে ১৪খন আসনৰ ১২খনত জয়ী হ’ব আৰু দেশজুৰি ৩০০তকৈও অধিক আসনেৰে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ’ব’।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ”যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশক সুৰক্ষা দিলে, উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সন্ত্ৰাসবাদ নিঃশেষ কৰিলে সেই গৰাকীৰ প্ৰধানমন্ত্ৰী বিৰুদ্ধে কংগ্ৰেছীসকলে কয় মোদীয়ে আপোনালোকৰ কবৰ খান্দিব। কিন্তু এই কথাৰ দ্বাৰা একো নহয়। মোদীক যিমানেই গালি পাৰিব, সিমানেই পদুম ফুলিব।

ৰাহুল গান্ধী প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় য়ে- ৰাহুল গান্ধীয়ে বিদেশত গৈ ভাৰতক অপমান কৰিছে, যদি এয়াই কৰি থাকে তেন্তে কেৱল উত্তৰ-পূবতেই নহয় সমগ্ৰ দেশতে কংগ্ৰেছ নাইকীয়া হব।

উল্লেখ্য যে, ডিব্ৰুগড় বিজেপিৰ কাৰ্যালয়ৰ ভূমিপূজন কাৰ্যসূচীত অমিত শ্বাহৰ উপৰি মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰামেশ্বৰ তেলী, অজন্তা নেওগ, বিমল বৰা,যোগেন মোহন, জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা-কৰ্মীসকল উপস্থিত থাকে।