Watch | Bilasipara panchyat election: গৌৰীপুৰ বিধান সভা সমষ্টিৰ কাজাইকাটা পঞ্চায়তত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৰমুজ আলীক
বিলাসীপাৰা: ৰাজনীতিত পুনৰ নৱ দিগন্তৰ ৰূপত অৱতীৰ্ণ হ’ল কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হৰমুজ আলী। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নৱ গঠিত কাজাইকাটা গাঁও পঞ্চায়তৰ কাঠালদি প্ৰথম খণ্ড (ক) সদস্য পদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল।
কিন্তু হৰমুজ আলীৰ বিৰুদ্ধে কোনো প্ৰতিদন্দী প্ৰাৰ্থী নথকাত হৰমুজ আলীয়ে বিনা প্ৰতিদ্বন্দিতাৰে সদস্য হিচাপে নিৰ্বাচিত হয়। আনফালে বিনা প্ৰতিদ্বন্দিতাৰে সদস্য হিচাপে নিৰ্বাচিত হোৱাত কাঠালদি প্ৰথম খণ্ড গাঁৱৰ ৰাইজে হৰমুজ আলীৰ ঘৰত সমবেত হৈ ফুলাম গামোচা আৰু ফুলৰ মালাৰে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে , হৰমুজ আলী(সাজু) ধুবুৰী জিলা এ আই ইউ ডি এফ যুৱ মৰ্চাৰ জিলা সভাপতি হয়।