WATCH | Bilasipara News:বিলাসীপাৰাত কংগ্ৰেছ কৰ্মী বিচাৰি আৰক্ষীৰ নাকা চেকিং
বিলাসীপাৰা,২২ফেব্ৰুৱাৰী : বিলাসীপাৰাতো কংগ্ৰেছ কৰ্মী বিচাৰি আৰক্ষীৰ নাকা চেকিং।
চেকিঙত ৬ গৰাকী যুৱ কংগ্ৰেছৰ লগতে NSUIৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জয়নুদ্দিনক আটক কৰে আৰক্ষীয়ে।
গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা বাবে আটক যুৱ কংগ্ৰেছী সকলক।
আৰক্ষীৰ উক্ত কাণ্ডত খৰ্গহস্ত হৈছে কংগ্ৰেছ কৰ্মী(Bilasipara News)।
উল্লেখযোগ্য যে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটীত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বিলাসীপাৰা পৰা যাত্ৰা কৰা কংগ্ৰেছ কৰ্মী সকলোক আটক কৰে বিলাসীপাৰা আৰক্ষীয়ে।
লগতে পঢ়ক:Assam CM Himanta Biswa Sarma: USTMৰ স্বত্ত্বাধিকাৰী মহবুবুল হকক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য