বাইক ষ্টান্ট কৰাৰ বাবে দুগৰাকী মহিলাক বিহা হ’ল জৰিমনা
ছ’চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ বাইক ষ্টান্ট কৰাৰ বাবে গাজিয়াবাদত দুগৰাকী মহিলাক বিহা হ’ল জৰিমনা। ইনষ্টাগ্ৰামত পোষ্ট কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে ট্ৰেফিক উলংঘা কৰাৰ বাবে ২৮,০০০ টকাৰ সামূহিক জৰিমনা জাৰি কৰে মহিলা দুগৰাকীক। ভিডিঅ’টোত দেখিবলৈ পোৱা মহিলা দুগৰাকীৰ নাম শিৱাংগী ডবাচক আৰু কুস্তিগীৰ স্নেহা ৰঘুবংশী বুলি জানিব পৰা গৈছে।
মহিলা দুগৰাকীয়ে শনিবাৰে ষ্টান্ট ভিডিঅ’টো নিৰ্মাণ কৰিছিল। তাৰ পাছতে গাজিয়াবাদ আৰক্ষীয়ে স্নেহা ৰঘুবংশীৰ মাতৃ মঞ্জু দেৱীলৈ ১১,০০০ টকাৰ চালান প্ৰেৰণ কৰিছিল, আনহাতে ষ্টান্ট ভিডিঅ’ত ব্যৱহৃত বাইকখনৰ মালিক সঞ্জয় কুমাৰক ১৭,০০০ টকা জৰিমনা বিহিছিল। প্ৰতিবেদন অনুসৰি মহিলা দুগৰাকীৰ বয়স প্ৰায় ২০ বছৰৰ ওচৰা ওচৰি আৰু অনুজ্ঞাপত্ৰ অবিহনে তেওঁলোকে বনাইছিল ষ্টান্ট ভিডিঅ’।
গাজিয়াবাদৰ এছ পি (ট্ৰেফিক) ৰামনন্দ কুশৱাহাই কয় যে চালানসমুহ বহুতো ট্ৰেফিক নিয়ম উলংঘনা কৰাৰ বাবে জাৰি কৰা হৈছে, যেনে অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱা, বিষয়াসকলৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত ষ্টান্ট কৰা, ত্ৰুটিপূৰ্ণ নম্বৰ প্লেট আৰু আদি।