Local, Vocal, Global

ভোট নিদিয়াৰ অভিযোগ তুলি ট্ৰান্সমিটাৰ দিয়াত অমান্তি বিধায়কৰ

বিজনী মহকুমাৰ দেওঁতাৰি গাঁৱৰ ২খনকৈ বিদ্যুৎ বিভাগৰ ট্ৰান্সমিটাৰ আজি দুমাহ ধৰি নিস্ক্ৰিয় হৈ পৰিছিল। পিছত গাঁৱৰ মুখিয়াল ব্যক্তিসকলে বিজনী সমষ্টিৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ ওচৰত বহুবাৰ গৈ কোঠাৰ পৰা দুখন ট্ৰান্সমিটাৰ লিখি দিবলৈ অনুনয় বিনয় কৰিছিল কিন্তু বিধায়কে দেওঁতাৰি গাঁৱৰ ৰাইজে তেওঁক ভোট নিদিয়াৰ অভিযোগ তুলি উক্ত গাঁৱত কোনো টান্সমিটাৰ দিয়া নহয় বুলি হুংকাৰ দিয়ে। এজন জনপ্ৰতিনিধিৰ এনে মন্তব্যৰ প্ৰতিবাদত দেওঁতাৰি গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত আলুখুন্দা আঞ্চলিক আমছুয়ে বিধায়ক নাৰ্জাৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। কমলসিং নাৰ্জাৰী মুৰ্দাবাদ, কমলসিং নাৰ্জাৰী হায় হায় আদি শ্লোগান দি আলুখুন্দা আঞ্চলিক সমিতিৰ সভাপতি নবিৰ হুছেইনে মন্তব্য- এজন জনপ্ৰতিনিধিৰ এনে বক্তব্য নিন্দনীয় গৰিহণাযোগ্য আৰু অগণতান্ত্ৰিক৷ গতিকে অহা ‘২১ৰ নিৰ্বাচনত এই অঞ্চললৈ তেওঁক ভোট ভিক্ষা নুখুজিবলৈ আহ্বান জনোৱাৰ লগতে নিৰ্বাচনত তেখেতক যোগ্য প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সকীয়াই দিয়ে।