Local, Vocal, Global

Bihar political crisis : বিহাৰত ৰাজনৈতিক চুনামী,দেশজুৰি আলোড়ন !

নিউজ ডেস্ক, ২৭ জানুৱাৰী : বিহাৰত ভংগ হোৱাৰ দিশে ডেৰ বছৰীয়া মহাগঠবন্ধনৰ চৰকাৰ ! ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভৱনা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ । আজিয়ে ভংগ হ’ব পাৰে বিহাৰৰ চৰকাৰ(Bihar political crisis)।

উল্লেখ্য যে, বিগত কেইবাদিনো চৰ্চাত আছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে জে ডি ইউ, আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁদলৰ মহগঠবন্ধনৰ পৰা পুনৰ এন ডি এত চামিল হ’ব বুলি । যি চৰ্চাই বিহাৰত ৰাজনৈতিক চুনামীৰ লগতে সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে।

ইফালে ২৮ জানুৱাৰী,অৰ্থাৎ কাইলৈ বিহাৰত নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এৰ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা আছে ।

আনহতে জে ডি ইউৰ বিধায়ক গোপাল মণ্ডলে অভিযোগ কৰা অনুসৰি , মহাগঠবন্ধনৰ ভিতৰত তেওঁ প্ৰাপ্য সন্মান লাভ কৰা নাই। সেয়ে তেওঁ আৰ জে ডি, কংগ্ৰেছ, বাওঁ দলৰ সংগ ত্যাগ কৰি এন ডি এত পুনৰ অন্তৰ্ভুক্ত হ’ব।

গোপাল মণ্ডলে কয়, আমাৰ সন্মুখত অস্তিত্বৰ সংকটে দেখা দিছে। নীতিশ কুমাৰ আমাৰ নেতা। তেওঁ যিকোনো সিদ্ধান্ত ল’ব পাৰে।

আনহাতে শনিবাৰে নীতিশ কুমাৰৰ ঘনিষ্ঠ সাংসদ সুনিল কুমাৰ পিণ্টুয়েও মহাগঠবন্ধন ত্যাগ কৰি এন ডি এত চামিল হ’ব বুলি ইংগিত দিয়ে। তেওঁ কৈছে, মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী হ’লেও নীতিশ কুমাৰে স্বাধীনভাৱে কাম কৰাৰ সুযোগ লাভ কৰা নাই আৰু বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে(Nitish Kumar signals potential exit from INDIA alliance, nears reunion with BJP) ।

উল্লেখ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এন ডি এ ত্যাগ কৰিছিল নীতিশ কুমাৰে। ইয়াৰ এবছৰ পিছত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনত তেওঁ আৰ জে ডি আৰু কংগ্ৰেছৰ সৈতে মহাগঠবন্ধনৰে চৰকাৰ গঠন কৰিছিল।

কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ পিছতে তেওঁ মহাগঠবন্ধন ত্যাগ কৰি ২০১৭ ত বিজেপিৰ সৈতে মিত্ৰতা স্থাপন কৰি চৰকাৰ গঠন কৰিছিল । চৰকাৰ গঠন কৰাৰ পিছতো বিজেপিত দেখা দিয়া সংঘাটৰ বাবে ২০২২ত পুনৰ এন ডি এ ত্যাগ কৰি তেওঁ মহাগঠবন্ধনত অংশগ্ৰহন কৰে। মহাগঠবন্ধনত অংশগ্ৰহন কৰি পুনৰ চৰকাৰ গঠন কৰে যদিও এই চৰকাৰো ডেৰটা বছৰতে পুনৰ ভংগ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিল।

লগতে পঢ়ক : Veer Lachit Sena Members Released by Jalukbari Police Today : গ্ৰেপ্তাৰৰ পাছতে মুকলি বীৰ লাচিত সেনাৰ ৬ সদস্যক