Local, Vocal, Global

বিহাৰ বিধানসভা নিৰ্বাচনক লৈ নৰেন্দ্ৰ মোডীৰ টুইট

বিহাৰ পুনৰ NDA ৰ দখলত। বিহাৰ বিধানসভা নিৰ্বাচনত ১২৫ খন আসনত NDA ৰ জয়। মহাজোঁটবন্ধনে ১১০ খন আসন লাভ কৰিছে। ইয়াৰ বিপৰীতে অন্যান্যই ৯খন আসন লাভ কৰিছে। বিহাৰ নিৰ্বাচনত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় সাব্যস্ত কৰিলে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে টুইট যোগে প্ৰকাশ কৰে ।

 

নৰেন্দ্ৰ মোডীয়ে টুইটত কয়  যে বিহাৰত জনতা- জনাৰ্দনৰ আশীৰ্বাদত লোকতন্ত্ৰই পুনৰ এবাৰ বিজয় প্ৰাপ্ত কৰিলে । বিজেপি ফ’ৰ বিহাৰৰ লগতে NDA ৰ সমূহ কাৰ্যকৰ্তাই যি সংকল্প আৰু সমৰ্পনেৰে এই কাৰ্য সমপ্ন কৰিলে ই অভিভূত কৰি তোলে । মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিহাৰৰ জনতাক হৃদয়েৰে অভিনন্দন জ্ঞাপন কৰিছো ।