Bihar Chief Minister Nitish Kumar Resigns : উৎকণ্ঠাৰ অন্ত পৰিল; ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ
নিউজ ডেস্ক, ২৮ জানুৱাৰী : ৰাজনৈতিক মহলত উৎকণ্ঠাৰ অন্ত পৰিল(Bihar Chief Minister Nitish Kumar Resigns) । অৱশেষত ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । আজি পুৱা ১১ বজাত ৰাজভৱনত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে কুমাৰে(Nitish Kumar resigns, to stake claim for new government) ।
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰৰ সন্ধিয়া ৫ বজাত পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে । শপত গ্ৰহণত উপস্থিত থকাৰ সম্ভাৱনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । নীতিশ কুমাৰৰ এই সিদ্ধান্তক সমর্থন জনাইছে জেডিউৰ সকলো বিধায়কে(Bihar chief minister Nitish Kumar resigns; expected to form new government with BJP suppor) ৷
ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পিচতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুমাৰক শুভেচ্ছা জনায় ৷