Bhupen Borah at Haflong : ডিমা হাছাওৰ কংগ্ৰেছ বৈঠকত উপস্থিত ভূপেন বৰা

নিউজ ডেস্ক, ১১ জুন : শনিবাৰে হাফলং সাংস্কৃতিক ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ এখন সন্মিলনি বৈঠক অনুষ্ঠিত হয় ৷ ২০২৪ চনত বিজেপি দল কেন্দ্ৰৰ পৰা উৎখাত হ’ব বুলি দাবী কৰি দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । সদস্য ভৰ্তি অনুষ্ঠানত ২০০ ৰো অধিক লোকে দলটোত যোগদান কৰে (Dima Hasao congress) ৷
দিল্লীৰ পৰা ২০২৪ চনত উৎখাত হ’ব বিজেপি চৰকাৰ । শনিবাৰে হাফলং সাংস্কৃতিক ভৱনত ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ এখন সন্মিলনত এই মন্তব্য আগবঢ়ায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ কিছু দুৰ্বলতা আছিল । বৰ্তমান 7 খনকৈ ৰাজ্যত দলটোৱে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে বুলি কয় বৰাই (Bhupen Borah at Haflong) ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে, বৰ্তমান তামিলনাডু, কৰ্ণাটক, ঝাৰখণ্ড, বিহাৰত কংগ্ৰেছ দলৰ চৰকাৰ আছে । ডিচেম্বৰত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ আগতে আৰু কেইবাখনো ৰাজ্যত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ভূপেন বৰাই । শনিবাৰে আয়োজিত অনুষ্ঠানটোত সংবাদ মাধ্যমৰ আগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত বিজেপি দল শাসনত অহাৰ পূৰ্বে যি প্ৰতিশ্ৰুতি আগবঢ়াইছিল সেয়া পূৰণত সম্পূৰ্ণ ব্যৰ্থ হ’ল বুলি কয় ।
পাহাৰীয়া জিলাখনত কয়লাৰ অবৈধ ছিণ্ডিকেট, শিলৰ অবৈধ ছিণ্ডিকেট শাসনাধিষ্ঠিত দলটোৰ নেতৃত্বত চলিছে বুলি কয় সভাপতি ভূপেন বৰাই । ৰাইজ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈছে বুলি অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Assam pradesh congress president)।পাহাৰীয়া জিলাখনত বন বিভাগৰ ভূমি আৰু চৰকাৰী ভূমি আইন বহিৰ্ভূতভাৱে কিছু নেতাই বেদখল কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে । ইয়াৰোপৰি ৫ টাকৈ গোচৰত অভিযুক্ত এজনক বিজেপি দলে ডিমা হাছাও জিলাৰ শাসনভাৰ প্ৰদান কৰিছে বুলি বৰাই উল্লেখ কৰে । এই নেতাগৰাকীক বন্দুকৰ পৰা চন্দুকৰ দায়িত্ব কেৱল মাত্ৰ মুষ্টিমেয় একাংশ নেতাৰ বাবে দিয়া হৈছে বুলিও কয় সভাপতিগৰাকীয়ে ।
ডিমা হাছাও জিলাত ৰাজ্য চৰকাৰৰ পৰোক্ষ অথবা প্ৰত্যক্ষ হস্তক্ষেপত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ পোহাৰ মেলা হৈছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ পৰ্যায়ৰ এই সন্মিলনত শনিবাৰে ২০০ গৰাকী লোকে কংগ্ৰেছ দলটোত যোগদান কৰে । শনিবাৰে ডিমা হাছাও জিলা কংগ্ৰেছৰ বুথ সন্মিলনত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, নিৰ্মল লাংথাচা, ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে দলটোৰ বহু কৰ্ম-কৰ্তা উপস্থিত থাকে ।
লগতে পঢ়ক : Lok Sabha elections : ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলে