কংগ্ৰেছত বিসম্বাদৰ নেতৃত্ব দিছে ভূপেন বৰাই
ডিজিটেল ডেস্ক:- ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছত বিসম্বাদ। বিসম্বাদৰ আঁৰত আছে নেকি APCCৰ সভাপতি? ভূপেন বৰাৰ নেতৃত্ব আজি দুৰ্বল হৈছে কিয়? প্ৰচাৰমুখী নীতি লৈছে নেকি অসম প্ৰদেশ কংগ্ৰেছে? হয়, অসমত সম্প্ৰতি প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভিতৰচৰাত খোদ সভাপতিগৰাকীৰ নেতৃত্বত চলিব লাগিছে নেকি বিসম্বাদৰ ৰাজনীতি। কিয়নো বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকী অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছতে দলটোত আৰম্ভ হৈছিল সংঘাত আৰু বিদ্ৰোহৰ উকমুকনি। ২০২১ চনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী হিচাপে মৰিয়নী বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ ওচৰত ক্ষোভ উজাৰিছিল। আৰু পৰৱৰ্তী সময়ত তেওঁ দলত্যাগ কৰি বিজেপিৰ প্ৰাৰ্থী হিচাপে পুনৰ অসম বিধানসভালৈ নিৰ্বাচিত হয়। একে কাৰণত থাওৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁইও নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি দলত্যাগ কৰে। এই দুগৰাকী নেতাক দলত ৰাখিব নোৱৰাটো হয়তো ভূপেন বৰাৰ বাবে এক ৰাজনৈতিক ব্যৰ্থতা আছিল। কিন্তু তাৰ পিছতো দলত চলি থাকিল বিসম্বাদ আৰু বিদ্ৰোহ। ৰাজনৈতিক পৰাজয় আৰু সমন্বয়হীনতাৰ বাবে সৃষ্টি হৈছে নেকি দলীয় সংঘাত। অসম প্ৰদেশ কংগ্ৰেছত সমন্বয়তাৰ অভাৱ কিয়? দলীয় মঞ্চত উপেক্ষিত হৈছে নেকি জ্যেষ্ঠ নেতা?
২০২১ চনৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছত ৰাজ্যিক নেতৃত্বৰ পৰা অপসাৰিত হয় ৰিপুন বৰা। আৰু ২০২১তে এপিচিচিৰ সভাপতি পদ লাভ কৰে ভূপেন কুমাৰ বৰাই। ভূপেন বৰা এপিচিচিৰ সভাপতি হোৱাৰ পিছত অসন্তুষ্ট হৈছিল দলৰ বহুকেইগৰাকী নেতা-কৰ্মী আৰু বিধায়ক। দুগৰাকী সাংসদে কৌশলেৰে দলীয় বহু কাৰ্যসূচীৰ পৰা আঁতৰি থকাটোও লক্ষ্য কৰিছে অসমৰ জনসাধাৰণে। কিন্তু সামগ্ৰিক দৃষ্টিত ভূপেন বৰাৰ কি ব্যৰ্থতাৰ বাবে নেতা-কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে আঙুলি টোঁৱাব পাৰিছে।
APCCৰ সভাপতি পদত ভূপেন বৰা, উজনি অসমৰ ২ বিধায়কৰ বিদ্ৰোহ।
ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইৰ কংগ্ৰেছ দল ত্যাগ। ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসক নিলম্বন। বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক নিলম্বন। ৪ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়। মাজুলী, ভৱানীপুৰ, মৰিয়নী আৰু থাওৰাত পৰাজয়। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত পৰাজয়। বিটিআৰ পৰিষদীয় নিৰ্বাচনত পৰাজয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত পৰাজয়। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত পৰাজয়। ঠেঙাল স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত পৰাজয়। পৰ্যাপ্ত সংখ্যা থকা স্বত্বেও ৰাজ্যসভাৰ নিৰ্বাচনত পৰাজয়। উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ নিৰ্বাচনত পৰাজয়। পৌৰসভা আৰু নগৰ নিকায় নিৰ্বাচনত পৰাজয়। APCCৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ পৰাজয়। বিৰোধী শিবিৰৰ দ্বিতীয় বৃহত শক্তি AIUDFৰে বৈৰীতা। প্ৰদেশ কংগ্ৰেছত বিজেপিৰ সক্ৰিয় এজেণ্ট আছে বুলি স্বীকাৰ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাৰ পিছত ভূপেন কুমাৰ বৰাৰ নেতৃত্বত কংগ্ৰেছে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচনত ধাৰাবাহিকভাৱে পৰাজিত হব লাগিছে। সেইসমূহৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন আৰু ২০২২ত অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনো উল্লেখযোগ্য। গুৱাহাটী পৌৰ নিগমৰ ইতিহাসত কংগ্ৰেছ দলে এটাও ৱাৰ্ড দখল কৰিব নোৱৰাটো ভূপেন বৰাৰ এক ৰাজনৈতিক ব্যৰ্থতা বুলি দলৰ নেতা-কৰ্মীসকলৰ লগতে সদ্য অসমবাসী ৰাইজেও মানি লৈছে। ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধী শিবিৰৰ প্ৰাৰ্থী ৰিপুন বৰাক বিজয়ী কৰাব নোৱৰাটো প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাৰ আন এক ৰাজনৈতিক ব্যৰ্থতা। এআইইউডিএফৰে ৰাজনৈতিক বৈৰীতাৰ পৰিণতিত ভৱানীপুৰ বিধানসভা সমষ্টিটো শাসকীয়পক্ষৰ অধীনলৈ যাবলগীয়া হল। একেদৰে এআইইউডিএফৰে সুসম্পৰ্ক থকা হলে ৰাজ্যসভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত হলহেঁতেন। অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত থকা বাবে এইসমূহ ব্যৰ্থতাৰ দায়িত্ব তেওঁ নললে লব কোনে। তাৰ পিছতো আৰু বহু নিৰ্বাচনী বিপৰ্যয়ে ভূপেন কুমাৰ বৰাৰ নেতৃত্বক লৈ ৰাজনৈতিক প্ৰশ্নৰ সৃষ্টি কৰিছে। পৌৰসভা আৰু নগৰ নিকায়সমূহৰ নিৰ্বাচন, ৪টাকৈ বিধানসভা নিৰ্বাচনৰ উপ-নিৰ্বাচন, বিটিআৰৰ দৰে গুৰুত্বপূৰ্ণ নিৰ্বাচন, উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নিৰ্বাচন আদিত কংগ্ৰেছৰ পৰাজয়ে হয়তো দলৰ নিষ্ঠাবান নেতা-কৰ্মীসকলক বিতুষ্ট কৰি তুলিছে। অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ, অসম বিধানসভাৰ বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইন আদিৰ দৰে জ্যেষ্ঠ নেতাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত কেৰোণ থকা বুলি স্পষ্টভাৱে মতপোষণ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত দল ধাৰাবাহিকভাৱে পৰাজিত পৰিণতিত হয়তো জ্যেষ্ঠ নেতাসকলে এনে মত প্ৰকাশ কৰিবলৈ সুযোগ পাইছে। অন্য অৰ্থত কংগ্ৰেছ দলৰ ভিতৰচৰাত আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক সংঘাত আৰু বিসম্বাদ। কিন্তু ইয়াৰ বাবে জগৰীয়া কোন। অসমত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিতুষ্ট হৈছে ৰাইজ। বিজেপিৰ বিকল্পও বিচাৰিছে জনতাই। কিন্তু বিজেপিৰ বিকল্প কংগ্ৰেছ হব পৰা নাই কিয়। কংগ্ৰেছে আজিও অসমৰ ভোটাৰ ৰাইজৰ বিশ্বাস জিনিব পৰা নাই কিয়। এই প্ৰশ্নসমূহৰ উত্তৰ অসমৰ ৰাইজ আৰু দলৰ নেতা-কৰ্মীক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এদিন হলেও দিব লাগিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দলীয় মঞ্চত এইসমূহ ৰাজনৈতিক ব্যৰ্থতা অথবা পৰাজয়ৰ সঠিক বিশ্লেষণ আৰু উত্তৰ দাঙি ধৰিব নোৱাৰিলে দলত বিসম্বাদ নিৰ্মূল কৰাটো সম্ভৱ নহব। আৰু এনে ধাৰা অব্যাহত থাকিলে হয়তো নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এদিন বিকল্প নেতাৰো সন্ধান আৰম্ভ কৰিব। কিয়নো দলৰ বিধায়ক আৰু সাংসদেও প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু কিয়। বিধায়ক শ্বেৰমান আলীক দলত ৰাখিব নোৱাৰিলে কিয়? ৰহাৰ বিধায়ক শশীকান্ত দাস বিজেপিলৈ যাবলগীয়া হ’ল কিয়? APCCৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত বিধায়ক-সাংসদ নাথাকে কিয়?
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোৱা দুবছৰত কংগ্ৰেছে অনুষ্ঠিত কৰিছে বহু গুৰুত্বপূৰ্ণ দলীয় কাৰ্যসূচী। গুৱাহাটীত খোদ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰধান কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত দলীয় কাৰ্যসূচীত দলৰ সাংসদ আৰু বিধায়কসকলৰ অনুপস্থিতি প্ৰায়ে প্ৰকয় হয়। এই ঘটনাৰাজি অসমৰ জনতাৰো অবিদিত নহয়। দলীয় কাৰ্যসূচীসমূহত বিধায়ক আৰু সাংসদসকলক গুৰুত্ব দিয় নহয় নেকি। নে বিধায়কআৰু সাংসদসকলে দলীয় কাৰ্যসূচীৰ প্ৰতি অনীহা প্ৰকাশ কৰিবলৈ লৈছে। এই দুয়োটা ক্ষেত্ৰতো দলৰ নেতা-কৰ্মী আৰু অসমৰ জনতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক প্ৰশ্ন নকৰি কৰিব কাক। এইসমূহ ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ পৰিণতিতে হয়তো আৰম্ভ হৈছে দলীয় সংঘাত কিম্বা বিবাদ। ইয়াৰ বাবে অসমৰ জনতা আৰু দলৰ নেতা-কৰ্মীসকলক উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰে নেকি সভাপতি ভূপেন কুমাৰ বৰাই। নে অসমৰ ৰাইজৰ আৰু দলীয় কৰ্মীৰ আৱেগক গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই বুলি ভাবিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এইসমূহ ৰাজনৈতিক দুৰ্বলতা অথবা সুৰুঙা বন্ধ কৰিব নোৱাৰিলে প্ৰদেশ কংগ্ৰেছত বিসম্বাদ অথবা ৰাজনৈতিক সংঘাত বন্ধ কৰিব বিচৰাটো আকাশত চাং পতাৰ দৰেই হব। আৰু যদি স্থিতাৱস্থা বাহাল থাকে তেন্তে ২০২৪ চনত অনুষ্ঠিত হবলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনত যদি অসমৰ ১৪টা সংসদীয় সমষ্টিতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শোচনীয়ভাৱে পৰাজিত হয় তাৰ বাবেও হয়তো আচৰিত হবলগীয়া একো নাথাকিব। মানৱেন্দ্ৰ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন, মাই নিউজ নৰ্থ ইষ্ট।